ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ললে ন্যায়াধীশ সঞ্জীৱ খান্নাই। আজি পুৱা দহ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত শপত ল’লে তেওঁ।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে নৱনিযুক্ত মুখ্য ন্যায়াধীশ হিচাপে খান্নাক শপত বাক্য পাঠ কৰোৱায়। ২০২৫ৰ ১৩ মে’ পৰ্যন্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব সঞ্জীৱ খান্নাই।
৬ মাহৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাই কাৰ্যনিৰ্বাহ কৰিব।ইতিমধ্যে দেওবাৰে পূৰ্বৰ মুখ্য ন্যয়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অৱসৰ গ্ৰহণ কৰিছে। ইয়াৰ পাছতে সোমবাৰে চন্দ্ৰচূড়ৰ স্থানত স্থলাভিষিক্ত হ’ব সঞ্জীৱ খান্না।
মুখ্য ন্যায়াধীশ হিচাপে খান্নাই ১১ নবেম্বৰ ২০২৪ৰ পৰাই কাৰ্যভাৰ গ্ৰহণ কৰিব। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে আইন আৰু ন্যায় মন্ত্ৰালয়ে নিজৰ অধিসূচনাত নিশ্চিত কৰিছে যে ৰাষ্ট্ৰপতিয়ে, ১২৪ নং অনুচ্ছেদৰ দফা (২)ৰ অধীনত ভাৰতৰ সংবিধানে ন্যায়াধীশ খান্নাক দেশৰ সৰ্বোচ্চ ন্যায়িক পদত নিযুক্তি দিছে।