২১এপ্ৰিল,২০২০ ৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে গ্ৰহণ কৰা কিছু কাৰ্যব্যৱস্থা :

CORONAVIRUS

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে লকডাউন অব্যাহত থকাৰ সময়ছোৱাত ২১এপ্ৰিল,২০২০ ৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে গ্ৰহণ কৰা কিছু কাৰ্যব্যৱস্থা :
1. ২১ এপ্ৰিল ,২০২০ৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ খোলা হ’ব।
2. অসম সচিবালয়ত উপ সচিবৰ পৰা আৰম্ভ কৰি উচ্চস্তৰীয় সকলো বিষয়া কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।
3. বিভাগীয় বিষয়াৰ নিৰ্দেশ অনুসৰি কাৰ্যালয়লৈ আহিব লাগিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
4. একেলগে সৰ্বাধিক ৩৩ শতাংশ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীহে কাৰ্যালয়ত উপস্থিতি থাকিব লাগিব।
5. কোনো বিষয়া বা কৰ্মচাৰীয়ে কাৰ্যালয়লৈ গাড়ী লৈ আহিব নোৱাৰিব।
6. উপ সচিব, যুটীয়া সচিব, সচিবসকলে নিজৰ গাড়ী আনিব নোৱাৰিব।
7. সচিবালয়লৈ আহিবলৈ হ’লে বাছৰ ব্যৱস্থা কৰা হ’ব। সেই বিষয়ে নিৰ্দেশনা বাতৰি কাকতযোগে প্ৰকাশ কৰা হ’ব।
8. সঞ্চালকালয়, স্বায়ত্ত শাসিত প্ৰতিষ্ঠা, ৰাজহুৱা প্ৰতিষ্ঠানত সঞ্চালক, সহকাৰী সঞ্চালক, পৰ্য বিষয়া সকল উপস্থিত থাকিব লাগিব।
9. মাণ্ডলিক আয়ুক্ত, উপায়ুক্ত, মহাকুমাধিপতি সকলে তেওঁলোকৰ আওতাত পৰা কাৰ্যালয়সমূহৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিব।
10. চৰকাৰী কাৰ্যালয়সমূহত বিষয়া কৰ্মচাৰীৰ বাদে কোনো লোক আহিব নোৱাৰিব।
11. কিবা কাম থাকিলে নিয়ন্ত্ৰণ কক্ষৰ যোগে যোগাযোগ কৰিব লাগিব।
12. কাৰ্যালয়লৈ আহোতে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
13. হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰা হৈছে কাৰ্যালয়সমূহত।
14. কাৰ্যালয়লৈ অহা বিষয়া-কৰ্মচাৰীসকলে পৰিচয় পত্ৰ লৈ আহিব লাগিব।
15. কৃষি, গ্ৰাম্য অৰ্থনীতিৰে জড়িত কৰ্মক্ষেত্ৰসমূহ খুলি দিয়া হৈছে যদিও, চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিব লাগিব।
16. ই-কমাৰ্চ আৰু ডিজিটেল অৰ্থনৈতিক কাম কাজ চলি থাকিব।
17. স্বাস্থ্য সেৱাৰ সকলো কাম কাজ এই দিন কেইটাত অব্যাহত থাকিব।

Related Posts

Categories

Latest Videos