“মই এতিয়াও বিটিচিত চীফ হৈ আছো :- হাগ্ৰামা মহিলাৰী

Hagrama Mohilari

“মই এতিয়াও বিটিচিত চীফ হৈ আছো :- হাগ্ৰামা মহিলাৰী

বিটিচিত ৰাজ্যপালৰ শাসনৰ পিছতে হাগ্ৰামা মহিলাৰীৰ প্ৰথম প্ৰতিক্ৰিয়া। আদালতৰ কাষ চাপিছে বিপিএফ।  ছমাহলৈ কাৰ্যকাল বৃদ্ধিৰ আবেদন নামানি  ৰাজ্যপালে পৰিষদ ভংগ কিয়  কৰিলে ? ‘

বিটিচি শান্তিত থাকিব লাগে’।

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন কাৰ্যবাহী পৰিষদ ভংগ কৰি বি টি এ ডিৰ শাসন ক্ষমতা নিজৰ হাতলৈ নিয়া ৰাজ্যপালৰ সিদ্ধান্তক  প্ৰত্যাহ্বান জনাই আদালতৰ দ্বাৰস্থ হব বি পি এফ।
দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি কয়,  যে আদালতত পি আই এল এখন দাখিল কৰা হ’ব। আবেদনখনৰ ফলাফল কি হয়, সেইটো এসপ্তাহৰ ভিতৰত জানিব পৰা যাব।

হাগ্ৰামাই ক’লে, বিজেপিৰ প্ৰতাৰণা নে কি মই একো বুজি নাপাওঁ।‘অফিচিয়েলি নহলেও মই এতিয়াও চীফ হৈয়ে আছো।’ গৱৰ্ণৰে আমাৰ কথা মনা নাই।” বি টি চিৰ প্ৰা্ক্তন মুখ্য কাৰ্যবাহী সদস্য মহিলাৰীয়ে ৰাজ্যপালৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে তথা ৰাজ্য চৰকাৰে ৰাজ্যপালক পৰিষদখনৰ কাৰ্যকাল ছমাহ বৃদ্ধি কৰিবলৈ অনুৰোধ জনা্ইছিল। কিন্তু তেওঁ সেইটো নামানিলে। ‘মিত্ৰতা আছিল আশা কৰিছিলো, কিন্তু ৰাজ্যপালে নিজৰ হাতত ললে।’
বি পি এফ সভাপতি মহিলাৰীয়ে দলীয় সতীৰ্থসকলক হতাশ নহ’বলৈ আহ্বান জনাই কয় যে নিৰ্বাচনত বিপিএফৰেই জয় হ’ব। তেওঁ পুনৰ চীফ হ’ব।

Related Posts

Categories

Latest Videos