“বিৰাট কোহলিয়ে পত্নী অনুষ্কা শৰ্মাক ত্যাগ কৰা উচিত” — বিধায়ক নন্দকিশোৰ গুৰজাৰৰ।

“বিৰাট কোহলিয়ে পত্নী অনুষ্কা শৰ্মাক ত্যাগ কৰা উচিত” — বিধায়ক নন্দকিশোৰ গুৰজাৰৰ।

“বিৰাট কোহলিয়ে পত্নী অনুষ্কা শৰ্মাক ত্যাগ কৰা উচিত” — বিধায়ক নন্দকিশোৰ গুৰজাৰৰ।

ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলিয়ে অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাক ত্যাগ কৰা উচিত। বিৰাট কোহলি দেশভক্ত, তেওঁক বিবাহ বিচ্ছেদ দিব লাগে। এজন বি জে পি নেতাৰ ai উপদেশ
উত্তৰ প্ৰদেশৰ লনী সমষ্টিৰ বিধায়কজনৰ অভিযোগ অনুসৰি এমেজন প্ৰাইমৰ যোগেদি সম্প্ৰচাৰিত হৈ থকা অনুষ্কা শৰ্মাৰ দ্বাৰা প্ৰযোজিত পাতাল লোক নামৰ ৱেব চিৰিজখনত তেওঁৰ ফটো অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰা হৈছে।

” বিৰাট কোহলি দেশভক্ত। তেওঁ দেশৰ হৈ খেলে। তেওঁ অনুষ্কা শৰ্মাৰ সৈতে বিবাহ বিচ্ছেদ কৰা উচিত। – এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নন্দকিশোৰ গুৰজাৰৰ।
গুৰজাৰে ইতিমধ্যে পাতাল লোকৰ প্ৰযোজক অনুষ্কা শৰ্মাৰ বিৰুদ্ধে গোচৰো তৰিছে। তেওঁ ইয়াৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনতো এক গোচৰ তৰিছে য’ত অভিযোগ কৰা হৈছে যে ৱেব চিৰিজটোত দেখুওৱা কিছু দৃশ্যাংশই সমাজত সাম্প্ৰদায়িক অস্থিৰতাৰ সৃষ্টি কৰাত অৰিহণা যোগাব পাৰে।

উল্লেখযোগ্য যে অনুষ্কা শৰ্মা আৰু তেওঁৰ ভাতৃ কৰ্নেশ শৰ্মাই প্ৰযোজনা কৰা পাতাল লোক ৱেব চিৰিজটো সম্প্ৰতি যথেষ্ট চৰ্চাত আছে |

Related Posts

Categories

Latest Videos