বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা কৰ’ণা পজিটিভ

coronavirus
Coronavirus
বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা কৰণা পজিটিভ

বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা কৰণা পজিটিভ
সমগ্ৰ বিশ্বতে কৰণা মহামাৰীৰ সংক্ৰমণ চলি থকা সময়তে অসমৰ এটা বিধান সভা সমষ্টিত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
কাৰণ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা সংক্ৰমিত হৈছে কৰণাত

আৰু তাকে লৈয়ে বিধান সভা সমষ্টিটোত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
কৰণা মহামাৰীৰ এই সময়ত ৰাজ্যত লকডাউন আৰম্ভ হোৱাৰে পৰা বিধায়ক জনে দিন ৰাতি একাকাৰ কৰি সমষ্টিৰ ৰাইজৰ বাবে বিভিন্ন ধৰণৰ সেৱা কাৰ্য্য চলাই আছিল ।

বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণত নিজকে নিয়োগ কৰিছিল । সমষ্টিবাসীৰ সেৱা আগবঢ়াই নিজেই আক্ৰান্ত হল কৰণা মহামাৰীত ।

বিধায়ক জনে যোৱা ২৬ জুনৰ দিনা ব্ৰহ্মপুত্ৰ পাৰত মথাউৰী পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ বিষয়া সকলৰ লগত এখন বৈঠকত মিলিত হৈছিল ।
বৈঠক শেষ কৰি তেওঁ পোনে পোনে গুৱাহাটীলৈ ঘূৰি আহিছিল কিন্তু গুৱাহাটীলৈ ঘূৰি আহিয়েই বিধায়কজন ভীষণ জ্বৰত আক্ৰান্ত হয় ।
আৰু মঙ্গলবাৰে
বিধায়ক জনৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ।
বুধবাৰে বিধায়কজনৰ ফলাফল পজিটিভ আহে ।

Related Posts

Categories

Latest Videos