প্ৰাচীন ভাৰতৰ গুৰুকূলৰ শিক্ষা

প্ৰাচীন ভাৰতৰ গুৰুকূলৰ শিক্ষা

প্ৰাচীন ভাৰতৰ গুৰুকূলৰ শিক্ষা

প্ৰাচীন ভাৰতত শিক্ষাৰ কেন্দ্ৰ আছিল গুৰুকূল সমূহ। গুৰুকূলত আচাৰ্যৰ তত্বাৱধানত ছাত্ৰ সকলক জীৱনৰ সকলো স্তৰতে কামত অহাকৈ শিক্ষা দিয়া হয়। গুৰুকূল সমূহৰ শিক্ষাক দুটা ভাগত ভাগ কৰিছিল– বেদ আৰু শিল্প ।

গুৰুকূলৰ প্ৰতিটো শিক্ষাই এই দুই ভাগৰ ভিতৰত পৰিছিল। বেদ চাৰি খনৰ চাৰি ভাগ আৰু শিল্প বিষয় পচিশ ভাগত ভাগ কৰিছিল। এজন ছাত্ৰই বেদ গ্ৰন্থ সমূহ বুজি পাবৰ বাবে বেদ পঢ়াৰ আগতে ছয় খন শাস্ত্ৰ পঢ়িব লগীয়া হৈছিল। এই বিলাকক বেদাঙ্গ বুলি কোৱা হয়।

এই ছয় খন বেদাঙ্গ হৈছে– ১) শিক্ষা (উচ্চাৰণ) , ২) ব্যাকৰণ, ৩) ছন্দ (গায়ত্ৰী, অনুষ্টপ, জগতী) ৪) কল্প ( বৈদিক কৰ্ম নীতি), ৫) নিৰুক্তা (শব্দৰ ব্যুৎপতি) ৬) জ্যোতিষ ।

ছাত্ৰ সকলে বেদ পঢ়াৰ লগে লগে ছয় খন উপাঙ্গ পঢ়িব লাগিছিল। এই উপাঙ্গ কেইখনক দৰ্শন বুলি কোৱা হয়। এই দৰ্শন কেইখনৰ ওপৰত তৰ্ক আৰু আলোচনা হৈছিল। এই বিলাকৰ কিছুপৰিমাণে ব্যৱহাৰিক শিক্ষাও হৈছিল। এই ছয় খন দৰ্শন হৈছে– ১) ন্যায়, ২) বৈশেষিক, ৩) সংখ্য , ৪) যোগ, ৫) মীমাংসা আৰু ৬) বেদান্ত ।

প্ৰাচীন গুৰুকূলৰ শিক্ষাৰ শিল্প ভাগত তত্বগত আৰু ব্যৱহাৰিক দুয়ো ধৰনৰ শিক্ষা দিয়া হৈছিল। সেই শিক্ষাৰ প্ৰধান পচিশ ভাগ হৈছে—

১) অগ্নি বিদ্যা ( metallergy )

২ ) বায়ু বিদ্যা ( flight )

৩) জল বিদ্যা ( navigation )

৪ ) অন্তৰিক্ষ বিদ্যা ( space scienc)

৫‍ )পৃথিৱী বিদ্যা( environment )

৬ )সূৰ্য্য বিদ্যা ( solar study )

৭ )চন্দ্ৰ আৰু লোক বিদ্যা ( lunar study

৮) মেঘ বিদ্যা (weather forecast )

৯ )পদাৰ্থ বিদ্যুত বিদ্যা (battery )

১০ )সৌৰ উৰ্জ্জা বিদ্যা ( solar energy )

১১)অয়োৰ্বেদ (Ayurveda)

১২) সৃষ্টি বিদ্যা ( space research )

১৩) জ্যোতিষ বিজ্ঞান ( astronomy)

১৪ )ভূগোল বিদ্যা (geography )

১৫)কাল বিদ্যা ( time )

১৬) ভূগৰ্ভ বিদ্যা (geology and mining )

১৭) ৰত্ন আৰু ধাতু বিদ্যা ( gems and
metals )

১৮ )আকৰ্ষণ বিদ্যা ( gravity )

১৯) প্ৰকাশ বিদ্যা ( solar energy )

২০) তাৰ বিদ্যা ( communication )

২১) বিমান বিদ্যা ( plane )

২২ )জলাতন বিদ্যা ( water vessels )

২৩) অগ্নিয় অস্ত্ৰ বিদ্যা ( arms and
amunition)

২৪) জীৱ জন্তু বিদ্যা ( zoology botany )

২৫ )যজ্ঞ বিদ্যা ( material Sc)

গুৰুকূলৰ এই শিক্ষা সমূহৰ উপৰিও ব্যৱসায় বাণিজ্যৰ দিশত কামত অহা কিছুমান বিষয়ৰ শিক্ষা গ্ৰহণ সুবিধা ঋষিকূল সমূহত আছিল।

কৃষি (Agriculture )

পশুপালন ( animal husbandry )

পক্ষীপালন ( bird keeping )

পশু প্ৰশিক্ষণ ( animal training )

যন্ত্ৰ পাতি ( mechanics)

ৰথকাৰ ( vehicle designing )

ৰত্নাকাৰ ( gems )

সুৱৰ্ণকাৰ ( jewellery designing )

বস্ত্ৰকাৰ ( textile)

কুম্ভকাৰ ( pottery)

লৌহকাৰ (metallergy)

কাঠৰ কাম (carpenter)

ৰঙ্গ সাজ (dying)

ৰজ্জুকৰ (logistics)

ৱাস্তুকাৰ ( architect)

পাক বিদ্যা (cooking)

চালক বিদ্যা (driving)

নদী প্ৰৱন্ধক (water management)

সূচিকাৰ (data entry)

গোশালা প্ৰৱন্ধক (animal husbandry)

উদ্যান পালক (horticulture)

বন পালক (foresty)

চিকিৎসা সহায়ক(paramedical)

জুলা শৰ্মা
নতুন দিল্লী

Related Posts

Categories

Latest Videos