সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু NMO ৰ প্ৰশংসনীয় পদক্ষেপ ।

সেৱা ভাৰতী পূৰ্বাঞ্চল

সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিক’জ অৰগেনাইজেছন(NMO)ৰ উদ্যোগত আজি ২১ আগষ্ট ২০২০ তাৰিখে তেজপুৰ জিলাৰ বিহগুৰি খণ্ডৰ বান বিধ্বস্ত ঠাই জাকৰুৱা চুবুৰীত এটি স্বাস্থ্য সজাগতা শিবিৰ তথা দূৰ্যোগ প্ৰশমন সজাগতা শিবিৰ অনুষ্ঠিত হয়। সামাজিক দুৰত্ব বৰ্তাই ৰাখি গাওঁ খনৰ পুৰুষ মহিলা সমন্বিতে শিশু সকলে আজিৰ এই মহান কাৰ্যসূচীটি সফল কৰাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই। দূৰ্যোগৰ পিছত কেনেধৰণৰ স্বাস্থ্য জনিত সাৱধানতা অৱলম্বন কৰিব লাগে আৰু সেই বিষয়ে সন্মানীয় ডাক্তৰ বীৰেন্দ্ৰ কুমাৰ নাথ ডাঙৰীয়া আৰু ডাক্তৰ অতুল কুমাৰ কলিতা ডাঙৰীয়াই নিৰ্ধাৰিত বিষয়ৰ ওপৰত সুন্দৰকৈ বক্তব্য ৰাখি সমাজলৈ এক সজাগ বাৰ্তা প্ৰেৰণ কৰে। উপৰোক্ত দুয়োজন সন্মানীয় বক্তা তথা চিকিৎসকে ক’ভিড ১৯ (COVID19) ৰ বিষয়েও ৰাইজক সজাগ সচেতনতা বৃদ্ধি কৰায়। অনুষ্ঠানটিত বান বিধ্বস্ত গাওঁখনৰ ৰাইজক বিনামূলীয়া চিকিৎসা আৰু ঔষধ লগতে মহিলাসকলক একোটিকৈ চেনিটেৰি পেড , সকলোকে একোখনকৈ মাস্ক (Mask) আৰু কিছু ব্লিচিং পাউডাৰো প্ৰদান কৰা হয়। এই মহান কাৰ্যসূচীত আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তেজপুৰৰ কেইবাজনো জেষ্ঠ কাৰ্যকৰ্তা তথা স্থানীয় কেইবাগৰাকীও সমাজকৰ্মী যুৱক উপস্থিত থাকি অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰি সাফল্য মণ্ডিত কৰি তোলে।

Related Posts

Categories

Latest Videos