অসম বিধানসভা নিৰ্বাচনৰ সবাতোকৈ ধনী ব্যক্তি মনোৰঞ্জন ব্ৰহ্ম

Assam Election

ডিজিটেল সংবাদ, গুৱাহাটী, ২৮ মাৰ্চ : অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে অনুষ্ঠিত হৈ গল । শনিবাৰে অনুষ্ঠিত হৈ যোৱা উজনি অসমৰ ৪৭টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্বৰ পিছতে ৰাজ্যত আৰম্ভ হব অহা ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত ক্ৰমান্বয়ে দ্বিতীয়-তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ইফালে এই নিৰ্বাচনৰ মাজতে চৰ্চালৈ আহিছে ৰাজ্যত এগৰাকী ধনী ব্যক্তিৰ নাম । সবাতোকৈ ধনী ব্যক্তি হিচাপে চৰ্চিত ব্যক্তি গৰাকী হল মনোৰঞ্জন ব্ৰহ্ম । উল্লেখযোগ্য যে কোকৰাঝাৰ সমষ্টিৰপৰা ইউ পি পি এলৰ প্ৰাৰ্থীৰ বাবে আগবঢ়াইছে এই বিধানসভাৰ প্ৰাৰ্থীত্ব । আনহাতে এই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী ব্ৰহ্মই নিজৰ শপতনামা দাখিলত প্ৰকাশ কৰা মতে সম্পত্তিৰ পৰিমাণ হৈছে ২৮৬ কৌটি টকা । তালিকা অনুসৰি ধনী প্ৰাৰ্থীৰ তালিকাত দ্বিতীয়তে আছে হাজোৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদৰ নাম । জিলা উপায়ুক্তৰ ওচৰত শপতনামা দাখিলত প্ৰকাশ কৰা মতে দুলু আহমেদৰ সম্পত্তিৰ পৰিমাণ ৪৩ কৌটি টকা । ইয়াৰোপৰি তৃতীয় ধনী প্ৰাৰ্থী তালিকা নাম প্ৰকাশ হৈছে কংগ্ৰেছৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰৰ নাম । শপতনামা দাখিলৰ তথ্য মতে সম্পত্তিৰ পৰিমাণ হৈছে ৩১ কৌটি টকা ।

Related Posts

Categories

Latest Videos