পুনৰ পশ্চিম বংগত হিংসাত্মক ঘটনা,বিজেপি নেত্ৰী লকেট চেতাৰ্জীৰ কনভয়ৰ গাড়ীত আক্ৰমণ কৰে তৃণমূল কংগ্ৰেছে

laked cetarji convoy attacked

পুনৰ পশ্চিম বংগত আৰম্ভ হৈছে হিংসাত্মক ঘটনা । এইবাৰ এই হিংসাত্মক ঘটনাত সম্পূৰ্ণৰূপে পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিৰ নেতাক । উল্লেখযোগ্য যে চতুৰ্থ পৰ্যায়ৰ এই ভোটগ্ৰহণৰ মাজতে আজি পশ্চিম বংগৰ হুগলীত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰে বিজেপি নেত্ৰীৰ কনভয়ৰ বাহনত । বিজেপি নেত্ৰী লকেট চেতাৰ্জীৰ কনভয়ৰ গাড়ীত আক্ৰমণ কৰে তৃণমূল কংগ্ৰেছে ।

অকল সেয়াই নহয়, ভোটগ্ৰহণৰ বাবে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো শিলাবৰ্ষণ কৰে একাংশ উন্মত্ত কংগ্ৰেছৰ সমৰ্থকে ।
ইফালে এই ঘটনাৰ পাছত পশ্চিম বংগৰ হুগলীত ৰাজনৈতিক মহলৰ লগতে জনতাৰ মাজত তীব্ৰ উৎকণ্ঠাই বিৰাজমান কৰিবলৈ লয় । আনহাতে পূৰ্বেও প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ হৈ যোৱা নিৰ্বাচনী ভোটগ্ৰহণ প্ৰক্ৰিয়াতো ৰাজ্যখনত সংঘটিত হৈছিল টি এম চিকে ধৰি বিজেপি কৰ্মীৰ মাজত বিক্ষিপ্ত ঘটনা । ইফালে ধাৰাবাহিক ভাৱে সংঘটিত হৈ থকা ৰাজ্যখনত হিংসাত্মক ঘটনাই নিৰ্বাচনী পৰিবৰ্তনৰ ফলাফল কি হয় সেয়াহে হব লক্ষণীয়।

Related Posts

Categories

Latest Videos