গুৱাহাটী: ভাৰতবৰ্ষৰ ঐতিহ্য-পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ হকে জীৱন উচৰ্গা কৰা বৰেণ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম্ আছিল হ’লকৰ ৰাজবংশৰ সুযোগ্য সন্তান পুণ্যশ্লোকা, তেজস্বী ৰাণী লোকমাতা দেৱী অহিল্যা বাঈ হ’লকৰ। এই বছৰ এইগৰাকী মহিয়সী ৰাণীৰ ৩০০ তম্ জয়ন্তী মহোৎসৱ সমগ্ৰ দেশতে উদযাপিত হৈছে। ইয়াৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ উদ্যোগত অহা ১১ জানুৱাৰী শনিবাৰে এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহ খগেন শইকীয়াই জানিবলৈ দিছে ৷ সিদিনা হেঙেৰাবাৰীৰ বৰবৰীস্হ সুদৰ্শনালয় আবেলি তিনি বজাত অনুষ্ঠিত হ’ৱলগীয়া অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰ সেৱিকা সমিতিৰ অখিল ভাৰতীয় সহ-সৰকাৰ্যবাহিকা অলকা ইনামদাৰে ৷

-
- February 15, 2025
-
- February 12, 2025
-
-
- February 11, 2025
-
-
- February 8, 2025
-
- February 5, 2025
-
-
-