গুৱাহাটী, ১৯ জানুৱাৰী: গিৰীশ চন্দ্ৰ কলিতা এক প্ৰশংসাবিমুখ নীৰব সমাজ সংগঠক আছিল। সৰুৰে পৰা এক নৈতিকতাৰ গণ্ডীৰে জীৱন গঢ় দিয়া কলিতাদেবে ১৯৪৬ চনত অসমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম-কাজ আৰম্ভকালৰ পৰাই আজীৱন কাৰ্যকৰ্তা হিচাবে সংঘৰ বিভিন্ন দ্বায়িত্ব অতি নিষ্ঠা আৰু সততাৰে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৮ চনত মহাত্মা গান্ধীৰ হত্যাৰ অপবাদেৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিষেধাজ্ঞা কৰাৰ সময়ত কলিতাই ছয় মাহ পৰ্যন্ত কাৰাবাস খাতিবলগীয়া হৈছিল। পৰবৰ্তী সময়ত সংঘৰ অনুপ্ৰেৰনাত গঠিত বিভিন্ন সংগঠন বিশ্ব হিন্দু পৰিষদ ; ভাৰতীয় মজদুৰ সংঘ ; ৰাম জন্মভূমি আন্দোলন একাত্মতা যজ্ঞ যাত্ৰা আদি সংগঠনৰ হৈ কাম কৰিছিল ৷ তদুপৰি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুপ্ৰেৰণাত প্ৰকাশিত আলোক প্ৰকাশন ট্ৰাষ্ট তথা ;আলোক বাতৰি কাকতৰ সম্পাদনা কৰিছিল।১৯৭৫ চনত ভাৰত চৰকাৰে জৰুৰীকালীন ঘোষণা কৰাৰ সময়তো তেখেতে ডেৰ বছৰ কাল কাৰাবাস খাটিবলগীয়া হৈছিল। এই সময়চোৱাত তেখেতৰ অনেক পাৰিবাৰিক সমস্যা হৈছিল যদিও মন অলপো বিচলিত নহৈ সংঘ কাৰ্যত আত্ম নিয়োগ কৰিছিল। ২০০৭ চনত এই মণিষি গৰাকীৰ দেহবসান ঘটে। তেখেতৰ কৰ্মৰাজিক সজীৱ কৰাৰ উদ্দেশ্যেৰে আজি গুৱাহাটী পল্টন বজাৰস্থ শংকৰদেৱ সেৱা সমিতি প্ৰেক্ষাগৃহত এই মহান ব্যক্তিগৰাকীৰ এখন জীৱনীমুলক গ্ৰন্থ ‘প্ৰসিদ্ধি পৰাংমুখ গিৰীশ চন্দ্ৰ কলিতা ‘ উন্মোচন কৰে চত্তিশগড়ৰ মহামহিম ৰাজ্যপাল ৰমেন ডেকাই । গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত ৰাজ্যপাল ৰমেন ডেকাই গিৰীশ চন্দ্ৰ কলিতাৰ লগত একেলগে কৰা কাৰ্যৰ স্মৃতি ৰোমন্থন কৰে। সভাত ৰাষ্ট্ৰীয় সয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ সংঘচালক ডা° উমেশ চক্ৰৱৰ্তী , জেষ্ঠ প্ৰচাৰক শশীকান্তু চৌথাৱালে গিৰীশ চন্দ্ৰ কলিতাৰ কৰ্ম কুশলতাৰ আলোকপাত কৰে। দিলীপ শৰ্মাই আতধৰা অনুষ্ঠানত তেখেতৰ এসময়ৰ সহযোগী প্ৰান্তোষ ৰায়ে প্ৰাস্তাবিক ভাষণ ৰাখে।সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সংঘচালক ডা° ভূপেশ শৰ্মা গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগৃন শৰণীয়াকে ধৰি গিৰীশ কলিতাৰ অনুৰাগী শতাধিক ব্যক্তি সভাখনত উপস্থিত থাকে।

-
- February 15, 2025
-
- February 12, 2025
-
-
- February 11, 2025
-
-
- February 8, 2025
-
- February 5, 2025
-
-
-