দ্বিতীয় বাৰ কাৰ্যকালৰ বাবে ২০ জানুৱাৰী, সোমবাৰে অৰ্থাৎ আজি কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম দিনাই বহু গুৰুত্বপূৰ্ণ আদেশ জাৰি কৰিব ট্ৰাম্পে। ভাৰতীয় সময় অনুসৰি নিশা দহ বাজি ত্ৰিশ মিনিটত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । উল্লেখযোগ্য যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। লগতে বিশ্বৰ তিনি ধনী ব্যক্তি এলন মাস্ক, জেফ বেজোছ আৰু মাৰ্ক জুকাৰবাৰ্গেও ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
শপত গ্ৰহণৰ পিছত ড’নাল্ড ট্ৰাম্পে অভিলেখ সৃষ্টিকাৰী ১০০ত কৈয়ো অধিক নিৰ্দেশনাত স্বাক্ষৰ কৰাৰ পৰিকল্পনা কৰিছে যিবোৰৰ তেওঁ পূৰ্বে ইংগিত দি থৈছিল । নিৰাপত্তাৰ লগতে ড’নাল্ড ট্ৰাম্পে শতাধিক বিষয়ৰ ওপৰত পূৰ্বে নিৰ্ধাৰিত অনুসৰি স্বাক্ষৰ কৰিব । তেওঁ শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে ই সংবাদ মাধ্যমৰ আগত এই বিষয়ে কিছু আভাষ প্ৰদান কৰে । তেওঁ উল্লেখ কৰে যে এতিয়াৰ পৰা আৰু আমেৰিকাৰ বেয়া দিন আঁতৰিব ।