আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৬ সংখ্যক গণৰাজ্য দিৱস, পেৰেডত দেশৰ শৌৰ্য-পৰাক্ৰম প্ৰদৰ্শনৰ বাবে সাজু দিল্লীৰ কৰ্তব্য পথ, ৰাজ্যতো গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী উদযাপনৰ বাবে সাজু খানাপাৰা খেলপথাৰ।
দিল্লীত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনত সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক শক্তিৰ লগতে সাংস্কৃতিক বৈচিত্ৰ্য, ঐক্য, সমতা আৰু উন্নয়নৰ এক অভূতপূৰ্ব সংগমৰ সাক্ষী হ’ব। সংবিধানৰ ৭৫ বছৰীয়া আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে অংশগ্ৰহণ কৰিব। ইফালে, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত
আজি পুৱা ১০:৩০ বজাৰ পৰা দিল্লীত আৰম্ভ হ’ল গণৰাজ্য দিৱসৰ পেৰেড। প্ৰায় ৯০ মিনিটৰ এই বৰ্ণাঢ্য অনুষ্ঠান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, তাৰ পিছত তেওঁ কৰ্তব্য পথত পেৰেড চাবলৈ উপস্থিত হ’ব। ইয়াৰ পিছত পৰম্পৰা অনুসৰি জাতীয় পতাকা উত্তোলন কৰা হ’ব আৰু তাৰ পিছত ৰাষ্ট্ৰীয় সংগীত আৰু তাৰ পিছত ২১ জাঁট টোপধ্বনি প্ৰদৰ্শন কৰা হ’ব।
আজি পেৰেডত ৩০০ গৰাকী সাংস্কৃতিক শিল্পীয়ে ভাৰতীয় বিভিন্ন বাদ্যযন্ত্ৰত ‘সাৰে জাহা ছে আচ্ছা’ গীতত সংগীত বজোৱাৰ লগতে হেলিকপ্টাৰৰ পৰা পুষ্পবৃষ্টি কৰা হ’ব। ইয়াৰ পিছত গণৰাজ্য দিৱস উদযাপনৰ আৰম্ভণি হ’ব ‘সোণালী ভাৰত: ঐতিহ্য আৰু উন্নয়ন’ বিষয়বস্তুৰে সজোৱা ৩১টা শোভাযাত্ৰাৰে। এইবাৰ ৫ হাজাৰ শিল্পীয়ে ভাৰতৰ বিভিন্ন নৃত্য শৈলী প্ৰদৰ্শন কৰিব।