ভাৰতৰ স্বাধীনতা সংগ্ৰাম বহু বীৰত্ব, ত্যাগ আৰু দেশৰ প্ৰতি থকা অপাৰ স্নেহৰ ঘটনাৱলীৰে পৰিপূৰ্ণ। এই ঘটনাবোৰৰ বহু সংখ্যকে‌ ইতিহাসৰ পৃষ্ঠাত স্থান পাইছে । কিন্তু এনে কিছুমান ঘটনা আছে, যিবোৰ তথাকথিত বুৰঞ্জীবিদৰ দৃষ্টিত উপেক্ষিত হৈ ৰ’ল। তেনে এক ঐতিহাসিক ঘটনা অসমৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহ। এই বিদ্ৰোহৰ ঐতিহাসিক গুৰুত্ব স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত স্পষ্টকৈ প্ৰস্ফুটিত নহ’লেও এই কৃষক বিদ্ৰোহ দেশৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ।
১৮৯৪ চনৰ ২৮ জানুৱাৰীত, অসমৰ দৰঙ জিলাৰ এখন গাঁও, পাথৰুঘাট এক ঐতিহাসিক প্ৰতিবাদৰ ক্ষেত্ৰভূমি হৈ পৰে। তৎকালীন ব্রিটিছ শাসকৰ বৰ্ধিত ভূমি কৰৰ ভাৰত কৃষকৰ জীৱন কঠিন হৈ পৰিছিল। এই শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ স্থানীয় কৃষকসকলে একত্ৰিত হোৱাৰ সিদ্ধান্ত ল’লে।
পথৰুঘাটত এখন বৃহৎ সভাৰ আয়োজন কৰা হ’ল। ওচৰ-পাজৰৰ গাঁৱৰ হাজাৰ হাজাৰ কৃষক কৰ-কাটলৰ শোষণৰ বিৰোধিতা কৰিবলৈ একত্ৰিত হয়। সিদ্ধান্ত স্পষ্ট আছিল— দুখ-দুৰ্দশাৰ সমাধান নোহোৱালৈকে ভূমি কৰ দিয়া নহ’ব। প্ৰতিবাদ নিৰস্ত্ৰ আছিল, কিন্তু প্ৰতিবাদী কৃষকৰ মনোবল আৰু দেশপ্ৰেম অত্যন্ত দৃঢ় আছিল।
প্ৰতিবাদ শান্তিপূৰ্ণ আছিল যদিও পৰিস্থিতি বেয়াৰ ফালে ঢাল খাই যেতিয়া ব্রিটিছ বিষয়াসকল সশস্ত্ৰ আৰক্ষীৰ সৈতে প্ৰতিবাদস্থলীত উপনীত হয়। কৃষকৰ দাবী উপেক্ষা কৰি ব্ৰিটিছ বিষয়াসকলে ভূমি কৰ হ্ৰাস নকৰাৰ কথা ঘোষণা কৰে। অহংকাৰী ব্ৰিটিছ বিষয়াৰ ডাংকোপত উত্তেজিত হৈ পৰে প্ৰতিবাদী কৃষকসকল। ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পায়।
পৰিস্থিতি উত্তপ্ত হৈ পৰাত ব্রিটিছ বিষয়া জে. বাৰিঙটনৰ নিৰ্দেশত আৰক্ষীয়ে নিৰস্ত্ৰ কৃষকৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ আৰম্ভ কৰে। কেৱল লাঠি আৰু মাটিৰ চপৰাৰে কৃষকসকলেও ব্ৰিটিছৰ গুলীৰ সাহসেৰে মুখামুখি হয়। এই নিৰ্মম গুলীচালনাত ১৪০ জনতকৈ অধিক কৃষকে প্ৰাণ হেৰুৱায় আৰু বহুতো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু ঔপনিবেশিক চৰকাৰে এই হত্যাকাণ্ডক লুকুৱাই কেৱল ১৫ গৰাকী নিহত আৰু ৩৭ গৰাকী আহত বুলি প্ৰতিবেদন দিয়ে ।
জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ ২৫ বছৰ পূৰ্বে পথৰুঘাটৰ এই ঘটনা সংঘটিত হৈছিল। দেশৰ স্বাধীনতা সংগ্ৰামৰ এক দুৰ্ভাগ্যজনক ঘটনা হোৱা স্বত্তেও এই ঘটনাই ইতিহাসৰ পৃষ্ঠাত পৰ্যাপ্ত স্বীকৃতি পোৱা নাই। তথাপি, “ডলি পুৰাণ”ৰ দৰে অসমীয়া লোকগাথাই এই ঘটনা জীৱন্ত কৰি ৰাখিছে। এই লোক গাথাই কৃষকৰ সাহসিকতা আৰু আত্মত্যাগক জনসমুখত সজীৱ কৰি তোলে।

পথৰুঘাটৰ শ্বহীদসকল অতুলনীয় সাহসিকতা আৰু ত্যাগৰ প্ৰতীক। তেওঁলোকৰ আত্মত্যাগে স্বাধীনতা সংগ্ৰামক অধিক শক্তি যোগোৱাৰ লগতে পৰৱৰ্ত্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল। আজিও এই বিদ্ৰোহৰ স্মৃতি অসমবাসীৰ হৃদয়ত পৱিত্ৰ স্থান লাভ কৰি আছে, স্বাধীনতা লাভৰ মূল্যৰ স্মাৰক হিচাপে। পথৰুঘাটৰ বীৰ কৃষকসকলৰ বীৰত্ব ভাৰতৰ ইতিহাসত স্বৰ্ণাক্ষৰত লিখা থাকিব আৰু আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।