মেদাম মে ফি হ’ল টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস হল পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে।কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে। আধুনিক যুগত ইয়াক ৩১ জানুৱাৰীত উদযাপন কৰা হয় আনহাতে প্ৰথম অৱস্থাত ইয়াক লাক-নি টাই মাহ ডুন-হা (মাৰ্চ-এপ্ৰিল)ত উদযাপন কৰা হয়।।

মে ডাম মে ফিত মুঠ দহজন দেউক উপাসনা কৰা হয়। তেওঁলোক হৈছে:

খাও খাম,

আই লেংদিন,

য়াচিংফা,

জান-চাই-হাং,

লেংডন,

চিট-লাম-চাম,

মুট-কাম টাই-কুম,

ডাম চাও ফী বা চাও ফী ডাম (তেৰ পুৰুষৰ আগৰ ককা-আইতাসকল),

ৰা-খিন,

বা-খিন।

এই নীতি নিয়মসমূহত ব্যৱহাৰ হোৱা সা সামগ্ৰী সমূহ হৈছে :- খাও চান (কেঁচা চাউল), কাই চেং (পবিত্ৰ চৰাই/বিশেষকৈ কুকুৰা), কাই খাই (মুৰ্গীৰ কণী), লুকলাও (সাজপানী), মাকমু (তামোল), বানপ্লু (পান), খ্ৰিং (আদা), মান ঙা (মিঠাতেল), ক্লু (নিমখ), কুই(কল), অই (চেনি), বান ফাই (লেম্প), নুম চে (গাখীৰ), নাম অই (গুৰ),নাম থুম (দৈ), খাই নুকপেট (হাঁহৰ কণী), চিংকৰা বা ব্লক চিংফা (এবিধ পবিত্ৰ ফুল), মাইহাং (বাঁহৰ পাঙ), লাৰু কাৰু (মিঠামাংস), চুপ টাও (মুখ ধুবলৈ পানীৰ পাত্ৰ), টাংকাক (এবিধ পাত্ৰ)। মে ডাম মে ফিত নীতি নিয়মসমূহ ম-চাম, ম’-প্লঙ আৰু ম-হুং আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। তেওঁলোকে আঠ কুনীয়া এটা হ ‘-ফি নিৰ্মাণ কৰি তাত ফি সকলৰ বাবে এখনকৈ পাং (বাঁহৰ চাং) পাতে। আই ছিং লাও বন্দনাৰে সৃষ্টিকৰ্তা ফা-তু-ছিংক শ্ৰদ্ধা জনোৱাৰ পাছত আও টাং নামৰ আদৰা বন্দনাৰে ফি সকলক আহবান জনায়। আও টাংৰ পাছত ফি সকলক কিন-টাং নামৰ বন্দনা গাই উৎসৰ্গা সমূহ অৰ্পণ কৰা হয়।কিন টাংৰ পাছত ফি সকলক জ’ন-মিঙ নামৰ আশীৰ্বাদ বিচৰা বন্দনা গোৱা হয়।জ’ন-মিঙৰ পাছত ফি সকললৈ ব’য়-টাং নামৰ বিদায় বন্দনা গোৱা হয়। মে ডাম মে ফিত ৰা-খিন আৰু বা-খিনক বাদ দি বাকীকেইজন ফিলৈ ২৭জনী ৰঙা কুকুৰা আগ বঢ়োৱা হয়। ৰা-খিন আৰু বা-খিনক সাধাৰণতে কণী আগ বঢ়ায়। যদি ৰা-খিন আৰু বা-খিনক ৰঙা কুকুৰা দিয়ে তেতিয়া লগতে আখৈও দিব লাগিব বুলি নিয়ম আছে।

বৰ্তমান সময়ত গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰী প্ৰতিবছৰে ৩১ জানুৱাৰীত এই পৰম্পৰা সমূহীয়াকৈ পালন কৰা হয় যত টাইসকলৰ লগত অসমৰ অন্য খিলঞ্জীয়া জনগোষ্ঠীয়েও যোগ দিয়ে।অসমত মে ডাম মে ফি এটা ৰাজ্যিক বন্ধৰ দিন।