হোজাই, ৫ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ ডবকা খণ্ডৰ অন্তৰ্গত সৎনামী গাঁৱত ৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে ২২ সংখ্যক ধন্বন্তৰী যাত্ৰাৰ অংশস্বৰূপে এক বিশেষ চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰ সেৱা ভাৰতী পুৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰ্গেনাইজেছনৰ উদ্যোগত তথা সেৱা ভাৰতী গুজৰাটৰ সহযোগত অনুষ্ঠিত হয়।
উক্ত চিকিৎসা শিবিৰত দিল্লীৰ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰেণুকা পানীৱালৰ লগতে ডাঃ মুকুল চক্ৰৱৰ্তী, ডাঃ প্ৰণীতা বসুমতাৰী, ডাঃ ৰঞ্জুশ্ৰী ডেকা, ডাঃ দীপিকা কৌশিক আদি অন্যান্য চিকিৎসক সকলে অংশ লৈ ১৪৮ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে।
এই শিবিৰত হোজাই জিলা সেৱা ভাৰতীৰ কাৰ্যকৰ্তা শেখৰ হালদাৰ, জিলা সেৱা প্ৰমুখ চন্ডীদাস দাস, খণ্ড কাৰ্যবাহ অঞ্জন দাস, সুদীপ দেব, টিটু দাস দেৱ আদিয়ে উপস্থিত থাকি শিবিৰ সফলতাৰে সম্পন্ন কৰাত সহায় কৰে।
উল্লেখযোগ্য যে, ২২ সংখ্যক ধন্বন্তৰী যাত্ৰাৰ অংশস্বৰূপে আয়োজিত এই চিকিৎসা শিবিৰ স্থানীয় ৰাইজৰ বাবে অত্যন্ত উপকাৰী প্ৰতিপন্ন হয় আৰু ৰাইজৰ মাজত চিকিৎসা সম্পৰ্কীয় সচেতনতা বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰে।