তুৰস্ক, চীন, আৰু আজাৰবাইজানৰ সামগ্ৰী বৰ্জনৰ আহ্বান স্বদেশী জাগৰণ মঞ্চৰ ৷

0

তুৰস্ক, চীন, আজাৰবাইজানৰ সামগ্ৰী দেশজোৰা বৰ্জন অভিযানক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে স্বদেশী জাগৰণ মঞ্চৰ উত্তৰ-পূৰ্বাঞ্চলে। এই দেশসমূহৰ সৈতে সকলো ধৰণৰ ভ্ৰমণ আৰু বাণিজ্য বন্ধ কৰিবলৈ অঞ্চলটোৰ নাগৰিক আৰু ব্যৱসায়ীসকলক মঞ্চই আহ্বান জনাইছে। শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত তুৰস্ক আৰু আজাৰবাইজানে পাকিস্তানক দিয়া মুকলি সমৰ্থনৰ প্ৰতিবাদত এই পদক্ষেপ লোৱা হৈছে বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে স্বদেশী জাগৰণ মঞ্চৰ উত্তৰ -পূব ভাৰতৰ সমন্বয়ক অধ্যাপক দীপক শৰ্মাই ৷ এক বিবৃতিত স্বদেশী জাগৰণ মঞ্চৰ উত্তৰ-পূব ভাৰতৰ আঞ্চলিক সমন্বয়ক অধ্যাপক দীপক শৰ্মাই কয়, ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানক তুৰস্কই সামৰিক ড্ৰ’ন যোগান ধৰিছিল যি ড্ৰ’ন পাকিস্তানে যুদ্ধত ব্যৱহাৰ কৰাৰ বাবেই ‘তুৰস্ক আৰু আজাৰবাইজান বৰ্জনৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰত সমিতিয়ে দেশৰ লগত থিয় হৈছে। অঞ্চলটোৰ সকলো নাগৰিক আৰু ব্যৱসায়ীক আহ্বান জনাই সমন্বয়ক গৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাজনিত চিন্তাক সন্মান নকৰালৈকে এই দেশসমূহৰ সৈতে ভ্ৰমণ আৰু বাণিজ্যৰ পৰা আঁতৰি থাকিব লাগে। অধ্যাপক শৰ্মাই তুৰস্কত নিৰ্মিত ৰেডিমেড কাপোৰ আমদানি কৰি ভাৰতত বিক্ৰী কৰা জাৰা, এডিডাছ, নাইকৰ দৰে বিদেশী ব্ৰেণ্ডক বৰ্জনৰো আহ্বান জনায়।

আনহাতে বিবৃতিত উল্লেখ কৰা মতে, ২০২৩ চনৰ ভয়াৱহ ভূমিকম্পৰ সময়ত ভাৰতে তুৰস্কক প্ৰথমে মানৱীয় সাহায্য আগবঢ়াইছিল। কিন্তু পাকিস্তানৰ সৈতে তুৰস্কৰ ক্ৰমবৰ্ধমান সামৰিক মিত্ৰতাই এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে সমগ্ৰ দেশতে দেখা পোৱাৰ দৰে তুৰস্ক আৰু আজাৰবাইজানৰ পৰা পৰ্যটন আৰু সামগ্ৰী আমদানি বন্ধ কৰাৰ দাবী জনাইছে সংগঠনটোৱে। উত্তৰ-পূব ভাৰতৰ ব্যৱসায়ী আৰু ট্ৰেভেল অপাৰেটৰসকলেও এই বৰ্জন অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বুকিং বাতিল কৰি তুৰস্ক আৰু আজাৰবাইজানৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বন্ধ কৰি দিছে। এই কাৰ্য্যই জাতীয় আন্দোলনৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখি ভাৰতৰ ঐক্য আৰু নিৰাপত্তা সৰ্বোচ্চ বুলি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। স্বদেশী জাগৰণ মঞ্চৰ এই আবেদনে বৰ্জন অভিযানত জনসাধাৰণৰ অংশগ্ৰহণ আৰু অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰি এই স্পৰ্শকাতৰ সময়ছোৱাত উত্তৰ-পূব ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি দায়বদ্ধতাক অধিক শক্তিশালী কৰিব বুলি মত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.