গুৱাহাটী : ২০ আগষ্ট ২০২৩ : আজি গুৱাহাটীৰ দিশপুৰ স্থিত পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন হৈ যায়। এই উপলক্ষে এখন যুৱ সমাবেশ তথা বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়।
মুখ্য অতিথি হিচাপে উপস্থিত থকা অসমৰ ৰাজ্যপাল মাঃ গুলাব চন্দ্ৰ কাটাৰিয়াৰ দ্বাৰা বন্তি প্ৰজ্জ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তেখেতে নিজৰ চমু ভাষণত দেশত বিদ্যা ভাৰতীৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। লগতে অসমৰ চাহ জনগোষ্ঠীৰ উন্নয়নৰ দিশত কাম কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
মুখ্য বক্তা হিচাপে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ যুটীয়া সাংগঠনিক সম্পাদক যতীন্দ্ৰ কুমাৰ শৰ্মাই বিদ্যা ভাৰতীয়ে সমগ্ৰ দেশতে প্ৰদান কৰি অহা মূল্যবোধ আধাৰিত শিক্ষাৰ বিষয়ে নিজৰ বক্তব্য আগবঢ়ায়। তেখেতে লগতে অসমৰ অন্যতম পাছপৰা চাহ জনগোষ্ঠীয় সমাজৰ শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ বিকাশৰ বাবে ন্যাসে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।
অনুষ্ঠানত ৰাজ্যৰ চাহ বাগিচা অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সমাজ কৰ্মী তথা শিক্ষক ৰাজু চাওৰাক সম্বৰ্ধনা জনোৱা হয়।
আদৰণি ভাষণ প্ৰদান কৰে অনুষ্ঠানৰ সমন্বয়ক ডাঃ ধীৰেন দাস পানিকা।
প্ৰস্তাৱনা ভাষণত ন্যাসৰ সম্পাদক ড০ অমল বাউৰীয়ে ন্যাসৰ লক্ষ্য আৰু উদ্দেশ্যক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত প্ৰতিজন ন্যাসীৰে দায়বদ্ধতা আৰু নিষ্ঠাৰ ওপৰত আলোকপাত কৰে।
ন্যাসৰ সভাপতি শ্ৰী ৰঞ্জিত বৰাই ন্যাসৰ গতিশীলতা প্ৰদান কৰাত সহায় সহযোগ কৰা সকলো শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে।
আমচাং চাহ বাগিচাৰ পৰা অহা ঝুমইৰ দলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।
ন্যাসী বীৰেণ কৈৰীৰ শলাগৰ শৰাইৰ পাছত অনুষ্ঠানৰ সামৰণি পৰে।