December 2, 2023

আজি পবিত্ৰ কৰম পূজা

অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান হৈছে কৰম পূজা। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ’লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে।

অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক’ৰবাত তিনি দিন, ক’ৰবাত পাঁচ দিন আৰু ক’ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক ‘ৰাজ কৰম’ বা ‘ৰাজি কৰম’বা ‘ডাল কৰম’ বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা কৰমক ‘বুড়ী কৰম’ বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰমক ‘জিতিয়া কৰম’ বোলে।
কৰম পূজাত, বিশেষকৈ জাৱাত ঝুমুৰ বা ঝুমুই গীত-নৃত্যৰ বিশেষ ভূমিকা আছে। কৰম জাৱাৰ প্ৰথম দিনা কৰমতী বা নাৰীসকলক প্ৰাধান্য দি ঝুমুই গোৱা হয়:

  • কৰম কৰম কহলে আয়োকৰম কৈ-দি কৈসে আয়োশাওন ভাদ চইলে গেল ৰেকুমাৰী ছড়ী কৰম গাড়েৰে।

ঝুমুই গীত আৰু নৃত্যৰ আৰম্ভণিত শ্ৰীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে গীত-মাত পৰিৱেশন কৰা হয়। এই গীতবোৰত শ্ৰীকৃষ্ণৰ লীলা-খেলা আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনী বৰ্ণোৱা হয়। প্ৰহৰ অনুসৰি ঝুমুই গীতৰ সুকীয়া বৈশিষ্ট্য থাকে। ‘ৰেইসকা’ সকলে এইবোৰক ‘ঝিগা ফুলীয়া গীত’, ‘সোণাফুলীয়া গীত’, গলবাৰীয়া গীত’, ‘ভিনচৰীয়া গীত’ আদি নামেৰে নামকৰণ কৰে। কৰম পূজা হোৱাৰ আগে আগে বয়োজ্যেষ্ঠ এজনে এনেকৈ ঝুমু্‌ই আখৰা আৰম্ভ কৰে:

আখৰা বন্দনা কৰিসৰস্বতী মা কে ধৰিআখৰা বন্দনা কৰিমদনে ঝুমুই লাগল ভাৰী।

পাছদিনা ৰাতিপুৱা ‘ভিনচৰীয়া গীত’ গাই আখৰা সমাপ্ত কৰা হয় আৰু কৰমতীসকলে সাতখন আঞ্জাৰে বাহীভাত খাই কৰম দেৱতেক নৈত উটুৱাই দিয়ে। এই মুহূৰ্তত বিষাদ মনেৰে ঝুমুইৰ গোৱা হয়:

  • দেহো দেহো কৰম গসাইদেহো আশিসষে, দেহো আশিসআৱত ভাদ মাসআন ঘূৰাই।

শেষত ঝুমুই গীতেৰে কথা কটা-কটি কৰি ডেকা গাভৰুসকল ঘৰমুৱা হ্য় আৰু কৰম পূজাৰো সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *