February 24, 2024

আজি বিশ্ব পৰ্যটন দিৱস।

১৯৭৯ চনৰ পৰা ২৭ ছেপ্টেম্বৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত পৰ্যটন প্ৰচাৰত গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। বিশ্ব পৰ্যটন দিৱসৰ আৰম্ভণি কৰিছিল ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই (UNWTO)।
পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে ইয়াৰ গুৰুত্ব বুজিবলৈ ইয়াক উদযাপন কৰা হয়। বিশ্ব পৰ্যটন দিৱসৰ লক্ষ্য হৈছে মানুহে বিশ্ব অন্বেষণৰ আনন্দ বুজি পোৱা
বিশ্ব পৰ্যটন দিৱসৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সমাজৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক মূল্যবোধক প্ৰভাৱিত কৰাত পৰ্যটনৰ তাৎপৰ্য্যৰ বিষয়ে সজাগতা সৃষ্টি কৰা। মন কৰিবলগীয়া যে এটা জাতিৰ অৰ্থনীতি উন্নত কৰাৰ লগতে ইয়াৰ ভাবমূৰ্তি বৃদ্ধি কৰাত পৰ্যটনে উল্লেখযোগ্য ভূমিকা পালন কৰে।
বিশ্ব পৰ্যটন দিৱস ২০২৩ ৰ থিম হিচাপে লোৱা হৈছে “Tourism and Green Investment” ৷ বিশ্বত পৰ্যটনৰ উত্তৰণৰ প্ৰাসংগিকতাৰে সমগ্ৰ বিশ্বই আজি পালন কৰিছে বিশ্ব পৰ্যটন দিৱস ৷ সুখবৰ যে বিশ্ব পৰ্যটনৰ মানচিত্ৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলেও স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

বিশেষ ভাৱে এশিঙিয়া গঁড়ৰ বাবে বিশ্বখ্যাত অসমৰ কাজিৰঙা, মানাস,ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা অসমৰ পৰ্যটনক ভিত্তি কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশৰ লগত জনগোষ্ঠীয় পৰম্পৰাই আকৰ্ষণ কৰে দেশী বিদেশী পৰ্যটকক ৷ অৱশ্যে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে কাজিৰঙাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *