অগ্নিগৰ্ভা মণিপুৰত ৪ মাহৰ পিছত ইণ্টাৰনেট সেৱা মুকলি হোৱাৰ লগে লগে ভাইৰেল হোৱা বহু দৃশ্যই পুনৰ উত্তপ্ত কৰি তুলিছে ৰাজ্যখনক।
উল্লেখ যে, মেইটেই আৰু কুকি সকলৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে ৰাজ্য খনত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। উত্তপ্ত পৰিস্থিতিক সাম কটোৱাৰ উদ্দেশ্যৰে প্রায় চাৰি মাহ সেৱা বন্ধ থকা ৰাজ্যখনত বিগত ২৩ ছেপ্টেম্বৰত পুনৰ ইণ্টাৰনেট সেৱা মুকলি কৰা হৈছিল।
ইণ্টাৰনেট সেৱা মুকলি হোৱাৰ লগে লগে ৰাজ্যখনৰ দুই গোষ্ঠীৰ মাজত বিয়পি পৰে বিগত ৪ মাহত সংঘটিত হোৱা বহু দুষ্কাৰ্য্যৰ দৃশ্য। ইয়াৰ মাজতে জুলাই মাহতে নিখোঁজ হোৱা দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটোও বিয়পি পৰে সামাজিক মাধ্যমত।
আন আন কেইবাটাও ঘটনাই সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ বাবে পুনৰ অক্টোবৰ মাহলৈ সময়ীকভাৱে স্থগিত ৰখা হৈছে ইণ্টাৰনেট সেৱা।
তদুপৰি মণিপুৰৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যপালে।