February 24, 2024

জননেতা ভীমবৰ দেউৰীৰ প্রতিমূর্তি উন্মোচন আৰু নৱনির্মিত ভীমবৰ দেউৰী ভৱনৰো শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড” হিমন্ত বিশ্ব শর্মাই আজি জননেতা ভীমবৰ দেউৰীৰ ৭৬ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত আৰু সদৌ অসম দেউৰী ছাত্র সন্থা তথা দেউৰী স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদের কলাক্ষেত্ৰৰ শ্রীমন্ত শংকৰদের আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত ভীমবৰ দেউৰী দিৱসত অংশগ্রহণ কৰে। মুখ্যমন্ত্রীয়ে অনুষ্ঠানত জননেতাগৰাকীৰ প্রতিকৃতিত পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধাঞ্জলি জ্ঞাপনৰ লগতে ভার্চুবেল ব্যৱস্থাৰে গুৱাহাটীৰ বৰবাৰীত নির্মিত জননেতা ভীমবৰ দেউৰীৰ এটা প্রতিমূর্তি উন্মোচন কৰে আৰু লগতে নৱনির্মিত ভীমবৰ

দেউৰী ভৱনৰো শুভ উদ্বোধন কৰে। এই উপলক্ষে প্রদান কৰা ভাষণত ভীমবৰ দেউৰী অসমক হাড়ে-হিমজুরে ভাল পোরা এক শক্তিশালী ব্যক্তিত্বৰ গৰাকী আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আৰু স্ব-অধিকাৰৰ পক্ষে মাত মাতি, বিদেশী প্ৰব্ৰজনৰ বিৰুদ্ধাচৰণ কৰি, জাতি-জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰি তথা গ্রুপিঙৰ বিৰুদ্ধাচৰণেৰে নিজৰ নাতিদীর্ঘ জীবনকালত জননেতা ভীমবৰ দেউৰীয়ে অসমৰ ইতিহাসত এক মচিব নোৱাৰা সাঁচ পেলাই থৈ গৈছে। তেওঁ মন্তব্য কৰে যে সমগ্র জীবন অসমৰ জাতি-জনগোষ্ঠীৰ সর্বাঙ্গীন উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰা এইগৰাকী মহান নেতাক জনজাতীয় নেতা বুলি মূল্যাংকন কৰাটো নিতান্তই সংকীর্ণতাৰ পৰিচায়ক। যথার্থতে ভীমবৰ দেউৰী আছিল এগৰাকী জননেতা, এগৰাকী জাতীয় নেতা যাৰ কৰ্মৰাজি আৰু অসমভূমিলৈ তেওঁৰ অৱদানৰ এতিয়াও উচিত মূল্যায়ণ হ’বলৈ বাকী আছে। মুখ্যমন্ত্রীয়ে কয় যে ভীমবৰ দেউৰীয়ে সমগ্র জীবনজুৰি সামাজিক বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দি জনজাতীয় লোকসকলৰ লগতে অসমীয়া জাতিক আগুৱাই নিয়াৰ বাবে নিৰলস প্রয়াস চলাইছিল। বৃহত্তৰ অসমৰ জনজাতীয় লোকসকলৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষাৰ বাবে তেওঁ যি আপোচবিহীন সংগ্রামব নেতৃত্ব দিছিল তাৰ লক্ষ্য আছিল অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰা। পিছপৰা জনগোষ্ঠীসমূহক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰাত আৰু জনগোষ্ঠীসমূহৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত স্বনিয়ন্ত্রণৰ মর্যাদা অক্ষুণ্ণ বাখাত ভীমবৰ দেউৰীয়ে বিশেষ গুরুত্ব দিছিল বুলি মন্তব্য কৰি ড° শৰ্মাই
কয় যে দেশক পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰাৰ দিশত আৰু অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত জননেতাগৰাকীয়ে সাহসী নেতৃত্ব প্রদান কৰিছিল। অতি প্রতিকূল আৰু অশান্ত ৰাজনৈতিক প্রেক্ষাপটৰ মাজতো তেওঁ ৰাজ্যখনৰ বাবে কেইবাটাও সুদূৰপ্ৰসাৰী পদক্ষেপ গ্রহণ কৰিছিল। মুখ্যমন্ত্রীয়ে লগতে কয় যে গ্রুপিত্তৰ সময়ত ভীমবৰ দেউৰীয়ে লোৱা ভূমিকা সদায়ে স্মৰণীয় হৈ থাকিব। অসমক পূব পাকিস্তানৰ লগত অন্তর্ভূক্ত কৰিব বিচৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে লোকপ্রিয় গোপীনাথ বৰদলৈয়ে যি ভূমিকা গ্রহণ কৰিছিল, সেই ক্ষেত্রত যিসকল অসমহিতৈষী নেতাই সহযোগিতা আগবঢ়াইছিল সেইসকলৰ ভিতৰত ভীমবৰ দেউৰী আছিল অন্যতম। অসমৰ জনজাতীয় লোকসকলৰ

আর্থ-সামাজিক বিকাশৰ বাবে জীবনজুৰি অহোপুৰুষাৰ্থ কবা ভীমবৰ দেউৰীয়ে জাতীয় স্বার্থক সদায়ে অগ্রাধিকাৰ প্ৰদান কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ১৯৩৯ চনত অসম বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত হোৱাৰ পিছত ৰাজ্যৰ জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে সদনৰ মজিয়াত জননেতাগৰাকীয়ে দাবী উত্থাপন কৰিছিল। তেওঁ জনজাতিসকলৰ অনগ্ৰসৰতাৰ কাৰণসমূহ তুলি ধৰি সেইসমূহ নিবাৰণৰ বাবে পদক্ষেপ লোৱাৰ বাবেও সজোবে আহ্বান জনাইছিল। কেৱল জনজাতীয় সকলৰ কথাই নহয়, অসমৰ সামগ্রিক সমস্যা সম্পর্কতো তেওঁ যুক্তি সহকাৰে দাবী উত্থাপন কৰিছিল। ভাষণ প্রসংগত ড° শর্মাই কয় যে বিদেশী প্রব্রজনে যে অসমীয়াৰ অস্তিত্বলৈ সংকট কঢ়িয়াই আনিব সেই কথা উপলব্ধি কৰি ভীমবৰ দেউৰীয়ে সদনৰ মজিয়াত সেই বিষয় উত্থাপন কৰিছিল। তদুপৰি তেওঁ জনজাতীয়সকলক সুৰক্ষিত কৰিবলৈ লাইন প্রথাৰ পোষকতা কৰিছিল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ স্বাভিমান আৰু মর্যাদা বৃদ্ধিৰ বাবে ভীমবৰ দেউৰীয়ে যোগাই যোৱা বৰঙণি অসমৰ ইতিহাসৰ এক সোণোৱালী অধ্যায় বুলি অভিহিত কৰি মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীক জননেতাগৰাকীয়ে বিভিন্ন মঞ্চত আগবঢ়াই যোৱা ভাষণসমূহ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। তদুপৰি ড° শৰ্মাই জননেতাগৰাকীৰ কৰ্মৰাজিৰ পূৰ্ণ অধ্যয়নেৰে অসমৰ ইতিহাসত তেওঁৰ অৱদানৰ প্ৰকৃত মূল্যাংকনৰ বাবে ৰাজ্যৰ বিদ্বৎ সমাজক আগবাঢ়ি আহিবলৈও আহ্বান জনায়। তেওঁ লগতে কয় যে ভীমবৰ দেউৰীয়ে বিভিন্ন সময়ত প্রদান কৰা ভাষণত সেই সময়ৰ জনজাতীয় লোকসকলৰ আর্থ-সামাজিক অবস্থা তথা সেই আর্থ-সামাজিক অবস্থাৰ উন্নয়নৰ বাবে যি ধৰণে দিশ আৰু পথ দেখুৱাই গৈছে সেইবোৰ সাম্প্রতিক সময়তো প্রাসংগিক হৈ আছে। ভীমবব দেউৰীৰ অৱদানবাজি সদায়ে প্রাতঃস্মবণীয় বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।

অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ বণোজ পেণ্ড, বিধায়ক বলীন চেতিয়া, শ্রীমন্ত শংকৰদের কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ভৈৰৱ দেউৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রবর্তী, দেউৰী ছাত্ৰ সন্থাৰ সভাপতি নীৰেণ দেউৰী আৰু অনুষ্ঠানৰ নির্দিষ্ট বক্তা তথা জ্যেষ্ঠ সাংবাদিক নর ঠাকুৰীয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *