এহেজাৰ চাফাই কর্মীৰ লৰা-ছোৱালীয়ে প্রদর্শন কৰিলে সত্ৰীয়া নৃত্য ৷

গুৱাহাটীৰ খানাপাৰাত ‘সমতাৰ ছন্দেৰে জীৱনৰ জয়গান’ অনুষ্ঠানত মুখ্যমন্ত্ৰী ৷

৩ ডিচেম্বৰঃ সমতাৰ ছন্দেৰে জীৱনৰ জয়গান শীর্ষক এক মনোমোহা অনুষ্ঠানত জীপাল হৈ উঠিল গুৱাহাটীৰ খানাপাৰাস্হ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। গুৱাহাটী মহানগৰৰ বিভিন্ন বস্তিত বাস কৰা এচাম লোকৰ আশাসুধীয়া প্রচেষ্টা, ডাঃ হেডগেৱাৰ স্মাৰক সমিতি আৰু বাল্মিকী সংগীত বিদ্যালয়ৰ বিদ্যাৰ্থীৰ ৫০০ গৰাকী কণ কণ শিশুৱে একেলগে ভোৰতাল নৃত্য আৰু আন ৫০০ গৰাকী শিশুৱে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰাৰ লগতে এহেজাৰ গৰাকী বিদ্যার্থীয়ে একেলগে বৰগীত পৰিৱেশন কৰাৰ উপৰি বন্দে মাতৰম গীতৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি এক নান্দনিক দৃশ্যৰ সৃষ্টি কৰিলে ৷ তদুপৰি, চাফাই কৰ্মী মহিলা সকলেও বিভিন্ন নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো প্ৰাণৱন্ত কৰি তোলে ৷ স্মৰ্তব্য, গুৱাহাটী মহানগৰৰ বিশ টা বস্তিৰ এহেজাৰ লৰা-ছোৱালীক বাল্মিকী সংগীত বিদ্যালয়ৰ জৰিয়তে অনন্যা তালুকদাৰৰ নেতৃত্বত প্ৰশিক্ষণ দি আজিৰ অনুষ্ঠান পৰিৱেশন কৰা হয় ৷ উল্লেখ্য, দেশৰ সংবিধান প্রণেতা ভাৰতৰত্ন ৰাষ্ট্রনেতা পূজ্য ডঃ ভীমৰাও আম্বেদকাৰৰ আদর্শ সাবোগত কৰি ডঃ ভীমৰাও আম্বেদকাৰৰ অহা ৬ ডিচেম্বৰত পুণ্য তিথি উপলক্ষে ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত এলানি কার্যসূচী ৰূপায়িত কৰা হয়। ডাঃ হেডগেৱাৰ স্মাৰক সমিতি’ গুৱাহাটী মহানগৰস্থিত এক ন্যাস। পূজ্য ডঃ ভীমৰাও আম্বেদকাৰ পুণ্য তিথি উপলক্ষে বাল্মিকী সংগীত বিদ্যালয়ৰ দ্বাৰা ৩ ডিচেম্বৰত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি আবেলি তিনি বজাত ‘সমতাৰ ছন্দেৰে জীৱনৰ জয়গান’ শীর্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চাফাই কৰ্মী সকলক শুভেচ্ছা মুলক বক্তব্য প্ৰকাশ কৰে ৷অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সৰু সৰু লৰা-ছোৱালী বোৰে মণ প্ৰাণ দি শিক্ষা গ্ৰহণ কৰি বৰ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰা কাৰ্যত সন্তোষ প্ৰকাশ কৰে ৷ সমাজখন একতাৰে বান্ধ খাই আছে বুলি সদৰি কৰি তেখেতে পুনৰ কয়, সংঘবদ্ধভাৱে নৃত্য প্ৰদৰ্শন কৰি একতাৰ সদ্ভাৱ বৃদ্ধি কৰিলে ৷ ড: ভীমৰাও আম্বেদকাৰে সমতাৰ কথা কৈছিল, আজি সমতাৰে আপোনালোকে বৃহৎ কাম কৰি দেখুৱালে বুলি মত প্ৰকাশ কৰি কয়, ৰাজনীতিৰ দ্বাৰা সমাজত সমতা নাহে, সমাজৰ সামূহিক প্ৰচেষ্টাৰে সমাজত সমতা আহিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ আনহাতে, অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীয়ে কয় যে, সত্ৰীয়া কলা-সংস্কৃতি সকলো ৰাইজৰ মাজলৈ লৈ যাব লাগিব ৷ শ্ৰীমন্ত শংকৰদেৱে ভাৰতীয় ধ্যান ধাৰণাৰে অসমীয়া সমাজ গঢ় দিছিল ৷ সনাতনী সভ্যতাৰে সংস্কাৰিত সমাজ গঢ় দিছিল ৷ গুৰুজনাৰ কলা সংস্কৃতি সকলোৰে অন্তৰে অন্তৰে লৈ যাব লাগিব বুলি তেখেতে মত প্ৰকাশ কৰে ৷ মনকৰিবলগীয়া কথা যে, ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনগ্ৰসৰ অঞ্চলত শিক্ষা, স্বাস্থ্য, সংস্কাৰ, স্বাবলম্বনৰ দিশত বিভিন্নধৰণৰ কাম কৰি আহিছে। বাল্মীকি সংগীত বিদ্যালয় ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত এখন সংগীত বিদ্যালয়, য’ত গুৱাহাটীৰ বিভিন্ন বস্তিৰ চাফাই কর্মীসকলৰ ল’ৰা-ছোৱালীৰ সাংস্কৃতিক বিকাশৰ বাবে কাম কৰি আহিছে। বর্তমান এই বিদ্যালয়ৰ যোগেদি ভিন ভিন বস্তিৰ ল’ৰা- ছোৱালীক সত্রীয়া নৃত্য, ভোৰতাল নৃত্য, দেশভক্তিমূলক গীত, লোকনৃত্য, অসম সংগীত আদিব প্রশিক্ষণ দি থকা হৈছে।