“কাৰ্যকৰ্তা বিকাশ বৰ্গ” ৰাষ্ট্ৰীয় একাত্মাতাৰ অনুভূতি দিয়া এক প্ৰশিক্ষণ – পৰাগ অভ্যংকৰ
নাগপুৰ ঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ “কাৰ্যকৰ্তা বিকাশ বৰ্গৰ – দ্বিতীয়”ৰ আজিৰে পৰা নাগপুৰৰ ড° হেডগেৱাৰ স্মৃতি মন্দিৰ কমপ্লেক্সত অৱস্থিত মহৰ্ষি ব্যাস প্ৰেক্ষাগৃহত আৰম্ভ হৈছে। বৰ্গৰ আৰম্ভণিতে বৰ্গৰ সৰ্বাধিকাৰী ইকবাল সিং , সহ সৰকাৰ্যবাহ ড° কৃষ্ণ গোপাল আৰু অখিল ভাৰতীয় সেৱা প্ৰমুখ তথা বৰ্গৰ পালক অধিকাৰী পৰাগ অভ্যংকৰয়ে ভাৰতমাতাৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰে। আৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ সৰকাৰ্যবাহ দ্বয় মুকুন্দজী আৰু ৰামদত্ত চক্ৰধৰও উপস্থিত থাকে। উল্লেখ্য, সমগ্ৰ দেশৰ পৰা ৯৩৬ গৰাকী শিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণ বৰ্গত অংশগ্ৰহণ কৰিছে। আৰম্ভণিতে স্বয়ংসেৱক সকলক সম্বোধন কৰি পৰাগ অভ্যংকৰে কয় যে , স্বয়ংসেৱক সকলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কামৰ বিষয়ে জানিবলৈ আৰু অনুশীলন কৰিবলৈ নাগপুৰলৈ অহাৰ সৌভাগ্য লাভ কৰিছে ৷ সংঘৰ কাম জীৱনৰ কাম হ’ব লাগে আৰু এই কথা স্বয়ংসেৱক সকলৰ মনত সদায় থাকিব লাগে বুলি তেখেতে মন্তব্য কৰে। নাগপুৰৰ ভূমি ড° হেডগেৱাৰ আৰু শ্ৰী গুৰুজীৰ বাসস্থান বুলি মন্তব্য কৰি তেখেতে সংঘৰ কামত প্ৰশিক্ষণ বৰ্গৰ সৰ্বোচ্চ গুৰুত্ব থকাৰ কথা ব্যক্ত কৰে। ইয়াৰ বাবে কাম বৃদ্ধি হোৱাৰ লগে লগে প্ৰান্ত তথা বিভিন্ন স্থানতো প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ’বলৈ ধৰিলে। স্বাধীনতাৰ পূর্বে বহু প্রত্যাহবান আছিল৷ সংঘই দেশৰ স্বাধীনতাৰ বাবেও কাম কৰাৰ কথা উল্লেখ কৰি ডাক্তৰ জীয়ে নিজেই জংঘল সত্যগ্ৰহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল বুলিও পৰাগ অভ্যংকৰে মন্তব্য কৰে ৷ আনহাতে, সংঘৰ ওপৰত নিষেধাজ্ঞা বলবতৰ সময়ছোৱা আৰু ক’ৰ’না মহামাৰীৰ বাহিৰে সংঘৰ শিক্ষা বৰ্গ কেতিয়াও বন্ধ হোৱা নাছিল। লগতে সময় অনুসৰি প্ৰশিক্ষণ বৰ্গৰ সময়সীমা আৰু পাঠ্যক্ৰমৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত কাৰ্যকৰ্তাৰ চিন্তাধাৰা কি হ’ব লাগে আৰু তেওঁৰ সন্মুখত কি কি প্ৰত্যাহ্বান আছে সেই কথা মনত ৰাখিও ব্যৱস্থাসমূহত পৰিৱৰ্তন কৰা হৈছিল তেখেতে মন্তব্য কৰে ৷ পূৰ্বৰ শ্ৰেণীসমূহত শাৰীৰিক কাৰ্যসূচীৰ অধীনত ধৈৰ্য আৰু সাহস বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এতিয়া প্ৰত্যাহ্বান সলনি হৈছে, আৰু প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি এনে বিষয়বোৰো এই প্ৰশিক্ষণ বৰ্গত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰশিক্ষণ বৰ্গত শিক্ষাৰ্থী সকলে সমাজৰ ভাল শক্তিৰ সৈতে সংযোগ স্থাপন কৰি কেনেকৈ শক্তি বৃদ্ধি কৰিব পাৰি তাৰ ব্যৱহাৰিক প্ৰশিক্ষণো লাভ কৰিব বুলি পৰাগ অভ্যংকৰে মন্তব্য কৰে ৷ সমগ্ৰ ভাৰতৰ পৰা শিক্ষাৰ্থী স্বয়ংসেৱক সকল নাগপুৰৰ এই কেন্দ্ৰত প্ৰতিবছৰে প্ৰশিক্ষণৰ বাবে আহে, যাৰ ফলত ৰাষ্ট্ৰীয় একাত্মাতাৰ ভাৱ বৃদ্ধি পায় বুলি তেখেতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ উল্লেখ্য, অহা ১০ জুনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ দ্বিতীয়ৰ আনুষ্ঠানিক সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।