বিগত বর্ষসমূহৰ দৰে পুনৰ চলিত শিক্ষা বর্ষতো তিনিটা পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব। অহা ৬জানুৱাৰীৰ পৰা ৰাজ্যৰ ৩৫খন জিলাৰ মুঠ ৪৫,৬২৯ খন বিদ্যালয়ৰ ৪৩ লাখৰো অধিক ছাত্র-ছাত্রীক সামৰি এইবাৰৰ গুণোৎসৱ অনুষ্ঠিত হ’ব।
৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ চলিব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ত বৰপেটা, বজালী, কাজিৰঙা, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাক সামৰি লোৱা হ’ব। ১৩ খন জিলাৰ ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়াৰ বিদ্যালয়সমূহক সামৰি ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পর্যায়ৰ গুণোৎসৱ