অসমৰ নতুন ৰাজ্যপাল হিচাপে মঙলবাৰে লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত গ্ৰহণ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰায় ।
উল্লেখ্য যে অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণৰ পূৰ্বে আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৫৪ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আচার্যই জন্মগ্রহণ কৰিছিল। ১৯৭৩ চনত বাৰানসীৰ ৰামনগৰত থকা ভাৰতীয় শিশু মন্দিৰ নামৰ শৈক্ষিক প্ৰতিষ্ঠানত শিক্ষকতাৰে তেওঁ কেৰিয়াৰ আৰম্ভ কৰে। ১৯৭৭ চনৰ ২২ জুনত গ্রামাঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ এক অভিযান আৰম্ভ কৰে। তেওঁ বহুসংখ্যক ভিতৰুৱা গাঁৱত শিক্ষানুষ্ঠান স্থাপন কৰাত আগভাগ লয়। ১৯৯০ চনত আচার্যই ৰাজনীতিত প্রথম খোজ দিয়ে। বাৰানসীৰ ৰামনগৰ অঞ্চলৰ ভাৰতীয় জনতা পাটীৰ সংমণ্ডল সভাপতি হিচাপে দায়িত্ব লাভ কৰে। ১৯৯৫ চনত বাৰানসীৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা আচাৰ্যই ১৯৯৬ চনত জিলা সভাপতি হিচাপে কার্যনির্বাহ কৰে। তেওঁ উত্তৰ প্ৰদেশৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰি আহিছে। ২০১৫ চনত উত্তৰ প্রদেশ বিধানসভা পৰিষদৰ সদস্য হিচাপে তেওঁ নির্বাচিত হয়। ২০২১ চনত দ্বিতীয়বাৰৰ বাবে একেটা পদবীতে পুনৰ নিৰ্বাচিত হয়। ২০২৩ বৰ্ষত আচার্যক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্রদান কৰে।অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত লোৱা লক্ষ্মন আচার্যক মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও প্রদান কৰা হৈছে।শপত গ্রহণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে অন্যান্য মন্ত্ৰীসকলো উপস্থিত থাকে।