গুৱাহাটী: উজবেকিস্তানৰ ৰাজধানী টাছকেন্টত অনুস্থিত এক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ কলা কৰ্মশালা আৰু সাস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কেবাগৰাকীও অসমীয়া চিত্ৰশিল্পীয়ে এক বিৰল অভিজ্ঞতা অৰ্জন কৰে।এই কৰ্মশালাত অংশগ্রহণ কৰা চিত্ৰ শিল্পী কেইগৰাকী হৈছে গুৱাহাটীৰ মিন্টু ডেকা, যোৰহাটৰ পৰেশ শইকীয়া, লক্ষীমপুৰৰ পৰেশ ভূঞা আৰু ডিব্ৰুগড়ৰ সুতাপা চৌধুৰী।
৭৮তম স্বধীনতা দিৱস উপলক্ষে ভাৰতীয় দূতাবাসৰ অন্তৰ্গত লাল বাহাদুৰ শাস্ত্ৰী সাংস্কৃতিক কেন্দ্ৰই এচ এম ডি ফাউণ্ডেচনৰ উদ্যোগত এই কৰ্মশালাৰ আৰু সাস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল। দিনযোৰা কাৰ্যসূচীৰে স্থানীয় শিল্পী আৰু কলামোদীৰ উপস্থিতিত আয়োজিত এই চিত্ৰ- ভাষ্কৰ্য কৰ্মশালা তথা সাস্কৃতিক অনুষ্ঠান উন্মোচন কৰিছিল দূতাবাসৰ সচীব চিতেশ কুমাৰে।
বিভিন্ন দেশৰ আমন্ত্ৰিত শিল্পী আৰু কিছু স্থানীয় শিল্পীৰ যোগদানে কৰ্মশালাখনি আকৰ্শনীয় কৰি তুলিছিল। আমন্ত্ৰিত অন্যান্য শিল্পী সকলৰ ভিতৰত আছিল পশ্চিমবংগৰ সুশান্ত চৰকাৰ, মহুৱা মুখাৰ্জী (নৃত্য শিল্পী), অনুসূয়া চক্ৰবৰ্ত্তী, অমিতাভ মুখাৰ্জী ( কণ্ঠ শিল্পী ), মহাৰাষ্ট্ৰৰ ৰবীন্দ্ৰ ভি টৰাৱানে, চন্দ্ৰশেখৰ কুমাৱত, মমতা বৰা, কাটাৰৰ মুনিৰা আল-মিৰ, ডুবাইৰ মিচ মহাবেহ । ১৫ আগষ্টৰ পুৱা ভাৰতীয় দূতাবাসত ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰৰ পাছত বিয়লি ৪ বজাত কৰ্মশালাত অংকণ কৰা চিত্ৰসমূহ তথা নিৰ্মান কৰা ভাষ্কৰ্যসমূহৰ প্ৰদৰ্শনী উদ্বোধন কৰে ভাৰতীয় ৰাষ্ট্ৰদূত স্মিতা পন্তে।
ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যাৰ আদৰণি ভাষণ দিয়ে দূতাবাসৰ সচিৱ কুমাৰে। ভাৰতৰ ৰাষ্ট্ৰদূত পন্তে স্বাধীনতা দিবসৰ তাৎপৰ্য, সমন্বয়ৰ কথা আদৰণি ভাষণত উল্লেখ কৰে। উজবেকিস্তান গণৰাজ্যৰ পৰিবেশ সুৰক্ষা আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ মুখ্য বিশেষজ্ঞ মাখমুদ খাইদাৰভ আৰু পৰিবেশ বিজ্ঞান, পৰিবেশ সুৰক্ষা আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাজ্যিক বহনক্ষম উন্নয়ন আয়োগৰ বৈজ্ঞানিক তথ্যকেন্দ্ৰৰ সঞ্চালক উলুগবেক মুৰাডভ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাৰত গণৰাজ্যৰ স্বাধীনতা উপলক্ষে সকলো শিল্পী তথা ৰাইজক সুদৃঢ় সমন্বয়ৰে অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত চিত্ৰশিল্পী ডেকাক ‘পাৰ্টিচন হৰৰৰ্ছ ৰিমেম্বাৰ্ছ’ শীৰ্ষক চিত্ৰখনৰ বাবে পন্তে বিশেষভাৱে সন্মানিত কৰে। অনুষ্ঠানত ভাৰতীয় নৃত্যৰে প্ৰশিক্ষিত উজবেকিস্তানী নৃত্য শিল্পীয়ে দৰ্শকক মন পৰশা ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰে আপ্লূত কৰে।