ধিং কাণ্ডৰ পিছত সৃষ্টি হোৱা পৰিবেশেও টলাব পৰা নাই এচাম লোকৰ অপৰাধী মানসিকতাক । নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এক তীব্ৰ জনমত ৰাজ্যজুৰি গঢ় লোৱাৰ মাজতো সমান্তৰালকৈ অব্যাহত আছে বলাৎকাৰ-নিৰ্যাতনৰ দৰে জঘন্য ঘটনা । তাৎপৰ্যপূৰ্ণ ভাবে, এনে সৰহভাগ ঘটনাৰে অভিযুক্ত ৰাজ্যৰ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোক ।
বিগত ৭২ ঘন্টাৰ ৰাজ্যৰ পৰিবেশ বিশ্লেষণ কৰি চালে এনে কিছু ঘটনাই মনত উদ্বেগৰ সৃষ্টি কৰে । লাভ জিহাদৰ পৰা নাৰী নিৰ্যাতনলৈ কেবাটাও ঘটনা পোহৰলৈ আহিছে মাত্ৰ কেইটামান ঘন্টাৰ ব্যৱধানত । আৰু এই ঘটনাবোৰ ঘটিছে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ।
লখিমপুৰ চহৰত সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চাজাদ আলী নামৰ এজন অভিযুক্তৰ কৰ্ম-কাণ্ডই । ইছলাম ধৰ্মাৱলম্বী চাজাদ আলীয়ে নিজকে হিন্দু বুলি পৰিচয় দি লখিমপুৰৰ কে বি ৰোডৰ এগৰাকী হিন্দু মহিলাক প্ৰেমৰ জালত বন্দী কৰা ঘটনাই স্বাভাবিকতেই চাঞ্চল্য-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মাইনা হাজৰিকা নাম লৈ এই চাজাদ আলীয়ে দুই সন্তানৰ মাতৃ হিন্দু মহিলা গৰাকীক দুমাহ পূৰ্বে পলুৱাই নিছিল অৰুণাচললৈ । আৰক্ষীৰ হস্তক্ষেপত সেইবাৰ মহিলাগৰাকী উদ্ধাৰ হ’ল যদিও পুনৰ ১৯ আগষ্টত অভিযুক্ত চাজাদ আলীয়ে মহিলাগৰাকীক পলুৱাই গুৱাহাটীলৈ আনে । পিছত, মহিলা গৰাকীৰ স্বামীয়ে বজৰং দলৰ কাৰ্যকৰ্তাসহ একাংশ লোকৰ সহযোগত মহানগৰীৰ হেঙেৰাবাৰী, লিচুবাৰী অঞ্চলৰ এটা গেৰেজত মেকানিক হিচাপে থকা চাজাদৰ সন্ধান উলিয়াই আৱদ্ধ কৰে । কিন্তু চেগ্ বুজি আৰক্ষী অহাৰ পূৰ্বেই চাছাদে পলায়ন কৰে । মহিলাগৰাকীৰ সৈতে চাজাদ বৰ্তমানেও পলাতক ।
লাভ জিহাদৰ ঘটনা ৰাজ্যত বৃদ্ধি পোৱাৰ সময়তে কিশোৰী-নাবালিকা নিৰ্যাতনৰ ঘটনাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ, এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা সংঘটিত এনে কেবাটাও ঘটনাই সামগ্ৰিক ভাবে সমাজখনক লজ্জানত কৰিছে । লক্ষ্যনীয় কথাটো হ’ল, অকল যে অশিক্ষিত লোকৰ দ্বাৰা এনেবোৰ দুষ্কাৰ্য সংঘটিত হৈছে তেনে নহয় । শিক্ষিত, তাতে শিক্ষকতাৰ দৰে বৃত্তিত জড়িতজনেও ভয় নকৰা হৈছে এই ধৰণৰ অপৰাধত লিপ্ত হ’বলৈ । জিন্নাতুল ইছলাম নামৰ কামৰূপ জিলাৰ ৰঙিয়াৰ লাছি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জনৰ এক কাণ্ডই সম্প্ৰতি ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰধান শিক্ষক জিন্নাতুল ইছলামে নিজৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক নিবস্ত্ৰ কৰাৰ বাবে উদ্যত হৈছিল। ভাগ্যে শিক্ষক ৰূপী পিশাচৰ কবলৰ পৰা নিজক বচাবলৈ সক্ষম হয় ছাত্ৰী গৰাকী । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক গোচৰ দিয়াৰ উপৰি স্থানীয় আছু গোটে অভিযুক্ত জিন্নাতুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ।
ইফালে, লখিমপুৰৰ নাওবৈচাৰ চিলনীবাৰী চাহ বাগিচাত পোহৰলৈ আহিছে এটা অতি উদ্বেগজনক ঘটনা । আমান আলী নামৰ এজনে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই অন্তঃসত্বা কৰাক লৈ চাহ বাগিচাখনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আঠ মাহৰ অন্তঃসত্বা কিশোৰী গৰাকীয়ে অলপতে এটা মৃত সন্তান প্ৰসৱ কৰে । আমান আলীৰ কামনাৰ বলি হৈ কিশোৰী অৱস্থাতে মাতৃত্বৰ বোজা কঢ়িয়াবলৈ বাধ্য হ’ল দুৰ্ভগীয়া কিশোৰীগৰাকী । অনুৰূপ ধৰণে তিনিচুকীয়াটো এগৰাকী দহ বছৰীয়া কিশোৰী যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত উদ্বীগ্নতাৰ সৃষ্টি কৰিছে ।
নগাঁৱৰ চামগৰিত শুকুৰ আলী নামৰ এজন দুৰ্বৃত্ত বৰ্তমানে আৰক্ষীৰ জিম্মাত । এইজন শুকুৰ আলীয়ে বজাৰলৈ যোৱা মহিলাৰ ওপৰত উৎপীড়নৰ চেষ্টা চলায় ধৰা পৰে । বিশ্বনাথতো নিশা ৰাস্তাত কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতা যুৱতীক হাৰাশাস্তি কৰা এজন যুৱকক আটক কৰা হৈছে । কিন্তু, যোৱা নিশা এক চাঞ্চল্যকৰ ঘটনা ঘটিল কাছাৰৰ ধলাইৰ জামালপুৰ নামক স্থানত । ৰফিক উদ্দিন নামৰ এজন লোকে চোকা অস্ত্ৰৰে কাটি পেলাই পত্নীৰ দুহাত । ৰফিক উদ্দিনৰ সন্দেহ, অইন লোকেৰে প্ৰেমৰ সম্পৰ্ক আছে পত্নীৰ । সেই বাবেই পত্নীৰ হাত কাটি পেলাই ৰফিক উদ্দিনে ।
বিগত সময়চোৱাৰ ঘটনা প্ৰবাহে স্পষ্ট কৰি তুলিছে যে অপৰাধত লিপ্ত হোৱাৰ বৰ্ধিত প্ৰৱনতা তথা মানসিকতা অত্যন্ত চিন্তা জনক পৰ্যায়লৈ গতি কৰিছে । এনে ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে যদি সোনকালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে জনসংখ্যা বৃদ্ধিৰ লগে লগে পৰিস্থিতিয়ে বিষম ৰূপ ধাৰণ কৰিব।