লক্ষহীৰা দাসক ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান

0

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত শ্রী শ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত দু দিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস হিচাপে আয়োজিত ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম দিৱসৰ সামৰণি পৰে। প্ৰথিতযশা কবি, গীতিকাৰ, কণ্ঠশিল্পী ড০ লক্ষহীৰা দাসক ভূপেন হাজৰিকা সমন্বয় বঁটা আৰু সাহিত্যিক ৰতি মোহন নাথক ভূপেন হাজৰিকা হিতৈষী বঁটা আগবঢ়োৱা হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই দুয়ো গৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰে।
মন্ত্রী বড়াই দুয়ো গৰাকী বঁটা প্ৰাপপকে একোখনকৈ শৰাই,জাপি, মানপত্ৰ, চেলেংচাদৰ আৰু ২৫হেজাৰ টকাকৈ প্ৰদান কৰে।বঁটা প্ৰদান কৰি দিয়া ভাষণত সাংস্কৃতিক মন্ত্রী বড়াই মহান শিল্পী ভূপেন হাজৰিকাৰ জন্মদিৱসত দুগৰাকী বৰেণ্য ব্যক্তিক বটা প্ৰদান কৰিবলৈ পাই নিজকে ধন্য মানিছো বুলি কয়।
মানৱ জীৱনৰ এনে কোনো বিষয় নাছিল যি ভূপেন হাজৰিকাৰ কাপেৰে নিগৰি ওলোৱা নাছিল বুলি মন্তব্য কৰি মন্ত্রী গৰাকীয়ে অনাগত দিনত নৱপ্ৰজন্মই হাজৰিকাদেৱৰ চিন্তাক, কৰ্মৰাজীক নৱমূল্যয়ণেৰে আগুৱাই লৈ যাব বুলি আশা প্ৰকাশ কৰে। বঁটা প্ৰদান অনুষ্ঠানত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি মংগল সিং হাজোৱাৰী, সম্পাদিকা মঞ্জুলা হাজৰিকাকে ধৰি ন্যাসৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.