অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী বৰেণ্য ব্যক্তি, কবি নীলমণি ফুকনৰ আজি ওপজা দিন ৷
১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰৰ দিনটোতেই কবি, সাহিত্যিক, কলা-সমালোচক তথা অধ্যাপক নীলমণি ফুকনৰ জন্ম হৈছিল। তেওঁৰ কলমেৰে নামি আহিছিল সূৰ্য। অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সূদুৰপ্ৰসাৰী প্ৰভাৱ পেলাই এই গৰাকী নমস্য কবিয়ে লিখিছিল অনেক কবিতা।তেওঁ ঋষিতুুল্য, সেইবাবে সকলোৰে নমস্য। কবিতাৰ পৃথিৱীত তেওঁ বিচৰণ কৰিছিল সততাৰে। দেশ-বিদেশৰ কবিতা অসমীয়ালৈ অনুবাদ কৰি তেওঁ লিখিছিল জাপানী কবিতা, চীনা কবিতা, গাথিয়া লড়কাৰ কবিতা।এক নিজস্ব কাব্য ধাৰাৰে কবিতাক আগুৱাই নিয়া এইগৰাকী কবি আছিল এজন কলা সমালোচক। চিত্ৰকল্প ওপৰতো আছিল তেওঁৰ অগাধ দখল। ১৯৯১চনত তেওঁক সাহিত্য অকাডেমী, ১৯৯০চনত ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰিছিল পদ্মশ্ৰী বঁটা।
১৯৫০চনৰ পৰাই তেওঁ কবিতা লিখা আৰম্ভ কৰিছিল। তেওঁৰ আত্মজীৱনী দুখন হল পাতি সোণাৰু ফুলঁ, পাহৰিব নোৱাৰিলো । শিল্পকলা দৰ্শন, ৰূপ বৰ্ণ বাক তেওঁৰ আন কেইখন মান গ্ৰন্থ।নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে। জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।২০২৩চনৰ ১৯ জানুৱাৰীত কাব্যঋষি নীলমণি ফুকনে অসমৰ সাহিত্যৰ বৰপথাৰ উকা কৰি অজান দেশলৈ গুচি গৈছিল।
অসমীয়া জাতিৰ সংকটকালত সৰৱ হৈ জাতিটোক বাট দেখুওৱা কাব্যঋষি, কবি শিৰোমণি নীলমণি ফুকনৰ ওপজা এই বিশেষ দিনটোক তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷