কৰ্কট ৰোগৰ ঔষধৰ ওপৰত আৰোপিত জি এছ টি হ্ৰাস । ১৮% ৰ পৰা ৫%লৈ হ্ৰাস জি এছ টি । ৫৪ সংখ্যক জি এছ টি কাউন্সিলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ভাৰতত কৰ্কট ৰোগৰ চিকিৎসাৰ খৰচ যথেষ্ট কমিছে, যাৰ বাবে এই মাৰাত্মক ৰোগৰ চিকিৎসা এতিয়া পূৰ্বতকৈ অধিক সুলভ হৈ পৰিছে ৷ এই পৰিৱৰ্তনে সমগ্ৰ দেশৰ লাখ লাখ লোকৰ বাবে সকাহৰ বাৰ্তা কঢ়িয়াই আনিছে।য’ত ধনৰ অভাৱত চিকিৎসা বাধা হৈ নাথাকিব ৷
জি এছ টি কাউন্সিলৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, “কেন্সাৰ ঔষধৰ জি এছ টিৰ হাৰো হ্ৰাস কৰা হৈছে ৷” বৈঠকৰ অন্তত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী বা ব্যক্তিগত অনুদানৰ দ্বাৰা পুঁজিৰে নিৰ্দিষ্ট প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা অনুসন্ধান আৰু বিকাশ সেৱাসমূহ জি এছ টিৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱো পৰিষদে আগবঢ়াইছে ।
কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয় হ্ৰাসে কেৱল ৰোগীক উপকৃত কৰাই নহয়, দেশৰ অৰ্থনীতিৰ বাবেও এক উল্লেখযোগ্য পৰিৱৰ্তন ৷ এতিয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহেও এই ব্যয়বহুল চিকিৎসাৰ খৰচ বহন কৰিব পাৰিব, যাৰ ফলত মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাব আৰু জীৱনৰ মান উন্নত হ’ব ৷