“এগৰাকী দেশপ্ৰেমিক নাগৰিক হওক আৰু ভাৰতক উচ্চ শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি লওক”: দত্তাত্ৰেয় হোসৱালে।

বিদ্যা ভাৰতীৰ আঁচনিৰ অধীনত, তথা কৃষ্ণ চন্দ্ৰ গান্ধীৰ প্ৰচেষ্টাত ডিমাহাছাও জিলাৰ জনজাতীয় অঞ্চলৰ বাবে প্ৰতিষ্ঠা কৰা সৰস্বতী বিদ্যা মন্দিৰে ভাৰতীয় সংস্কৃতি আৰু উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । জিলাখনত এক সাংস্কৃতিক আৰু সামাজিক কেন্দ্ৰ হিচাপে বিদ্যালয়খনে ইতিমধ্যে বিশেষ সুনাম অৰ্জন কৰিছে। এই বিদ্যালয়খনলৈ দেশ-বিদেশৰ সমাজ কৰ্মীসকলৰ আহ-যাহ হৈ থাকে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোসৱালে জীয়ে হাফলঙৰ সৰস্বতী বিদ্যা মন্দিৰ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় কৰ্মকৰ্তাসকলেৰে মত বিনিময় কৰে । বিদ্যালয় পৰিদৰ্শনৰ সময়ত শ্ৰী হোসৱালে জীয়ে বিদ্যালয় পৰিসৰত অৱস্থিত ৰাম মন্দিৰত পুষ্পাঞ্জলি প্ৰদান কৰি আশীৰ্বাদ লয়। পিছত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি তেওঁ কয় যে ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰত স্বামী বিবেকানন্দই চিকাগোত তেওঁৰ ঐতিহাসিক ভাষণৰ জৰিয়তে ভাৰতক গৌৰৱান্বিত কৰিছিল। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বিবেকানন্দৰ গ্ৰন্থ পঢ়িবলৈ আৰু তেওঁলোকৰ জীৱনত তেওঁৰ আদৰ্শ অন্তৰ্ভুক্ত কৰিবলৈ অনুপ্ৰাণিত কৰে। শ্ৰী হোসৱালে জীয়ে কয়, “আমি সকলোৱে দেশপ্ৰেমিক নাগৰিক হৈ ভাৰত মাতৃক অধিক উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি ল’ব লাগে আৰু আমাৰ জীৱনৰ এক স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে।” এই অনুষ্ঠানত বিদ্যা ভাৰতী উত্তৰ-পূব অঞ্চলৰ সাংগঠনিক মন্ত্ৰী ড° পৱন তিৱাৰী, বিদ্যা ভাৰতী দক্ষিণ অসম প্ৰান্তৰ সাংগঠনিক মন্ত্ৰী মহেশ ভাগৱত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাৰ লগতে সংঘ তথা বিদ্যা ভাৰতীৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
শ্ৰী হোসৱালে জীয়ে বিদ্যালয় আৰু ছাত্রাবাস পৰিদৰ্শন কৰি সামগ্ৰিক ব্যৱস্থাৰ প্ৰশংসা কৰে। তেওঁ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে আৰু শিক্ষাৰ লগতে সংস্কৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত আছিল।