ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতত অবৈধ বাংলাদেশীৰ প্ৰৱেশ এতিয়াও চলি আছে । একাংশ দালালৰ সহযোগত ভাৰতত বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰি আহিছে । বিগত কেইবাদিনত সীমান্তত আটক হোৱা অনুপ্ৰৱেশকাৰীৰ তথ্য়ই এই ঘটনা স্পষ্ট ৰূপত দাঙি ধৰিছে । ইয়াৰ মাজতেই বদৰপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অবৈধ কাৰ্যৰে জড়িত ৪ কুখ্য়াত দালালক ।

দীর্ঘদিন দৰি অবৈধভাৱে বাংলাদেশীক ভাৰতত অনুপ্ৰৱেশ কৰোৱা ৪ কুখ্যাত দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই কেইটা কুখ্যাত দালাল কেইটাক । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বদৰপুৰ থানাৰ এটা আৰক্ষীৰ দলে অভিযান চলাই প্ৰথমে বদৰপুৰৰ কোনাপাড়া গাঁৱৰ জামিল আহমেদ মোনা নামৰ কুখ্যাত দালালটোক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচতেই কাছাৰৰ খেলামা অঞ্চলৰ পৰা আৰু তিনিটা দালালক গ্ৰেপ্তাৰ কৰা হয় । ধৃত দালাল কেইটা হৈছে মহববুল আলম , কপিল উদ্দিন আৰু টিটু ৰয় ।বদৰপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম অধিকাৰীয়ে  জানিব দিয়া মতে , “দীৰ্ঘদিন ধৰি বাংলাদেশৰ পৰা মেঘালয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অহা বাংলাদেশীক ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাত সহায় কৰি আহিছিল আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ লগত জড়িত বদৰপুৰৰ কুখ্যাত দালাল জামিল আহমেদ মোনা, মহববুল আলম, কপিল উদ্দিন আৰু টিটু ৰয়ে । মেঘালয় সীমান্তৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কাছাৰ জিলা হৈ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে’ল জংচনৰ পৰা বাংলাদেশী নাগৰিকক ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাত সহায় কৰি আহিছিল ধৃত দালাল কেইটাই ।