গুৱাহাটী: দীন দয়াল শ্ৰৱণ ফাউণ্ডেশ্যন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সহযোগত বশিষ্ঠৰ অসম ৱাটাৰ চেণ্টাৰত আয়োজিত বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ শিবিৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও আৰু নলবাৰী জিলাৰ শ্ৰৱণ ক্ষমতা লোপ পোৱা শিশুকে সামৰি আৰ্থিকভাৱে দুৰ্বল ২০০ গৰাকী লোকক এই বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰা হয়।
সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দীন দয়াল শ্ৰৱণ ফাউণ্ডেশ্যনে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সহযোগত এই মহৎ পদক্ষেপ গ্রহণ কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাৰত মাতৃৰ সুযোগ্য সন্তান পণ্ডিত দীন দয়াল উপাধ্যায়ৰ প্রতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। দীন দয়াল উপাধ্যায়ে একাত্ম মানৱতাবাদৰ ধাৰণাৰে অন্ত্যোদয়ৰ দ্বাৰা সমাজৰ শেষৰজন ব্যক্তিক উপকৃত কৰিবলৈ আহ্বান জনাই গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে তেখেতে বিশ্বাস কৰিছিল যে সমাজ এখন শক্তিশালীভাবে আগুৱাই যাবলৈ প্ৰতিগৰাকী ব্যক্তিৰে বিকাশ হ’ব লাগিব। ব্যক্তিৰ বিকাশেহে সামাজিক বিকাশ সম্ভৱ কৰি তোলে আৰু সেয়েহে অন্ত্যোদয়ৰ ধাৰণা অৰ্থাৎ সমাজৰ শেষৰজন ব্যক্তিক উপকৃত কৰাটো তেখেতৰ একাত্ম মানৱতাবাদৰ মূল দৰ্শন বুলিও মুখ্যমন্ত্রীয়ে কয়।
মুখ্যমন্ত্রী শর্মাই কয় যে সম্প্রতি বিশ্বজুৰি প্রায় ৩.৪০ কোটি শিশু বধিৰতাৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈ থকাৰ লগতে ৬০ বছৰ উৰ্ধৰ প্রায় ৩০ শতাংশ লোকৰ শ্ৰৱণ ক্ষমতা লোপ পাইছে। বধিৰ শিশুসকলৰ ক্ষেত্ৰত ৬০ শতাংশ শ্রৱণ ক্ষমতা লোপ পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতবৰ্ষত প্রায় ৬.৩০ কোটি লোক গুৰুতৰ বধিৰতাৰ সমস্যাত ভুগি আছে। আগতীয়াকৈ বধিৰতাৰ কাৰণবোৰ চিনাক্ত কৰি উপযুক্ত ব্যৱস্থা গ্রহণ কৰিলে শ্ৰৱণ ক্ষমতা হ্রাস পোৱাটো বহু পৰিমাণে লাঘৱ কৰিব পাৰি। এনে এক প্রেক্ষাপটত দীন দয়াল শ্রৱণ ফাউণ্ডশ্যনে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সহযোগত যোগ্য লোকসকলক চিনাক্ত কৰি বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণৰ যি শিবিৰৰ আয়োজন কৰিছে সেয়া নিঃসন্দেহে এক সময়োচিত পদক্ষেপ ।
২০১৮ চনত প্রতিষ্ঠা হোৱা দীন দয়াল শ্রৱণ ফাউণ্ডশ্যনে বিকশিত ভাৰত নিৰ্মাণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০৪৭ চনৰ ভিতৰত বধিৰ মুক্ত ভাৰত গঢ়াৰ সংকল্পৰে অগ্ৰসৰ হৈছে । ইতিমধ্যে অন্ধ্র প্রদেশ আৰু মিজোৰামৰ ১১ হাজাৰৰো অধিক লোক এই পদক্ষেপৰ সৈতে জড়িত হৈ উপকৃত হৈছে। ৰাজ্যত নেচনেল ইনষ্টিটিউট অব পাব্লিক ক’অপাৰেশ্যন এণ্ড চাইল্ড ডেভলপমেন্ট আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ প্ৰচেষ্টাত ৩,১৩০ গৰাকী বধিৰ লোকক বিনামূলীয়া শ্ৰৱণ যন্ত্র বিতৰণৰ বাবে চিনাক্ত কৰা হৈছে। নির্বাচিত হিতাধিকাৰী সকলক আটকধুনীয়া আৰু আধুনিক প্রযুক্তিৰে সমাহিত ২৫ হাজাৰ টকা মূল্যৰ শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰা হৈছে। প্রথম পর্যায়ত ৪০০ হিতাধিকাৰীক বিনামূলীয়াকৈ প্ৰদান কৰা শ্ৰৱণ যন্ত্ৰৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা শিতানৰ তৰফৰ পৰা ১ কোটি টকা প্রদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে বধিৰতাৰ সমস্যা পিতৃ-মাতৃসকলে যদি সৰুতে চিনাক্ত কৰিব পাৰে তেনেহ’লে ইয়াৰ সুচিকিৎসা কৰিব পৰা যায়। ছমাহৰ পৰা দুবছৰ পৰ্যন্ত যদি শিশুসকলৰ মাত নোলায় বা কাণেৰে শুণাত অসুবিধাৰ সন্মুখীন হয় তেতিয়া তৎকালে তেওঁলোকক চিকিৎসকৰ ওচৰলৈ লৈ আহিব লাগে বুলি মুখ্যমন্ত্রীয়ে অভিভাৱকসকলক পৰামৰ্শ আগবঢ়ায়।
অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মিছন সঞ্চালক লক্ষ্মণন এছ, নর্থ ইষ্টার্ণ ক’ল ফিল্ডৰ মহাপ্ৰৱন্ধক কে মেৰে, দীন দয়াল শ্রৱণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰেগুলা ৰমনজানেয়ুলু, উপদেষ্টা টি ভি সৰ্বৰায়দু প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।