২১ টা শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্তক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে অৰুণাচল প্ৰদেশৰ বিশেষ পক্স’ আদালতে ৷ ৰাজ্যখনৰ শি-য়োমি জিলাৰ এখন চৰকাৰী আৱাসিক বিদ্যালয়ৰ ২১ টা শিশুক যৌন নিৰ্যাতন চলোৱাৰ বাবে এজন আভিযুক্তক মৃত্যুদণ্ড প্ৰদান কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত আন দুজনক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা হৈছে ৷

ইটানগৰৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে বৃহস্পতিবাৰে এই কথা স্পষ্ট কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে ২১ গৰাকী ভুক্তভোগীৰ ভিতৰত ১৫ গৰাকী ছোৱালী ৷ ৰোহিত ৰাজবীৰ সিঙে কয় যে, ‘‘আদালতে য়ুমকেন বাগৰা, মাৰ্বম নগমদিৰ আৰু চিংটুং য়ৰপেন নামৰ তিনিজন অভিযুক্তক ভাৰতীয় দণ্ডবিধি আৰু পক্স’ আইনৰ অধীনত গুৰুতৰ অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিছে ।’’

আনহাতে য়ুমকেন বাগৰাক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩২৮ আৰু ৫০৬ ৰ লগতে পক্স’ আইনৰ ধাৰা ৬, ১০আৰু ১২ ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে ৷ গুৰুতৰ অপৰাধৰ বাবে য়ুমকেন বাগৰাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে আদালতে ।
‘‘বিদ্যালয়খনৰ হিন্দী শিক্ষক মাৰ্বম নগমদিৰক আই পি চিৰ ধাৰা ৫০৬ আৰু পক্স’ আইনৰ ১৭ আৰু ২১(১) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে ৷ প্ৰাক্তন প্ৰধান শিক্ষক চিংটুং য়ৰপেনক পক্স’ আইনৰ ধাৰা ১৭ আৰু ২১(২)ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল ৷ মাৰ্বম নগমদিৰ আৰু চিংটুং য়ৰপেন দুয়োকে এই অপৰাধত জড়িত থকাৰ বাবে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছে ৷’’

উল্লেখযোগ্য যে আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত এটা বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছিল ৷ তাৰ পিছতে অনুসন্ধানকাৰী দলটোৱে তথ্য-প্ৰমাণ সংগ্ৰহৰ লগতে সমগ্ৰ ঘটনাৰ সবিশেষৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল ৷

ইটানগৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে যে , এই ৰায়দানে কেৱল এই সমস্যাটোৰ তাৎক্ষণিক সমাধান কৰাই নহয়, শিশুসকলৰ সুৰক্ষা সন্দৰ্ভত সামাজিক সজাগতাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভুমিকা ল’ব ৷ ফলত তেওঁলোকৰ অধিকাৰ আৰু কল্যাণ সুৰক্ষিত কৰাৰ সামূহিক দায়বদ্ধতা শক্তিশালী হ’ব ৷

উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ ২ নৱেম্বৰত দুগৰাকী ভগ্নীয়ে তেওঁলোকৰ অভিভাৱকৰ ওচৰত অভিযোগ কৰাৰ পিছত আৱাসিক বিদ্যালয়খনত যৌন উৎপীড়নৰ কথা পোহৰলৈ আহিছিল ৷ তাৰ দুদিন পিছত জিলাখনৰ মনিগং আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল ৷

ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা অভিযুক্ত বাগৰা পলাতক অৱস্থাত আছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক সেই বৰ্ষৰে নৱেম্বৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰ পিছতে চলিত বৰ্ষৰ ২১ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ বিচাৰপীঠে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু বাগৰাই লাভ কৰা জামিন বাতিল কৰিছিল ৷