ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, কাৰ্যকৰ্তা বিকাশ বৰ্গ – দ্বিতীয় (বিশেষ) শুভাৰম্ভ |
নাগপুৰ, ১৮ নৱেম্বৰ:
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ দ্বিতীয় (বিশেষ)ৰ ৰেশীমবাগস্থিত ডা° হেডগেৱাৰ স্মৃতি ভৱন পৰিসৰৰ মহৰ্ষি ব্যাস সভাঘৰত উদ্ঘাটন কৰা হয়। এই অনুষ্ঠানত সহ সৰকাৰ্যবাহ ডা° কৃষ্ণগোপাল জী, অখিল ভাৰতীয় সহ সেৱা প্ৰমুখ তথা বৰ্গ পালক অধিকাৰী ৰাজকুমাৰ জী মটালে আৰু যোধপুৰ প্ৰান্ত সংঘচালক তথা সৰ্বাধিকাৰী হৰদয়াল বৰ্মা জী উপস্থিত থাকে। তেওঁলোকে ভাৰত মাতাৰ প্ৰতিমাত পুষ্পাঞ্জলি অৰ্পন কৰে । সহ সৰকাৰ্যবাহদ্বয় মুকুন্দজী আৰু ৰামদত্তজীও উপস্থিত থাকে।
বৰ্গত সমগ্ৰ দেশৰ পৰা ৪০ বছৰৰ অধিক বয়সৰ ৮৬৮ গৰাকী শিক্ষাৰ্থী সন্মিলিত হৈছে । বৰ্গ অনাগত ২৫ দিনলৈ চলিব। ১২ ডিচেম্বৰত দীক্ষান্তৰ পিছত বৰ্গৰ সমাপন হ’ব । প্ৰশিক্ষণ বৰ্গত সামাজিক সচেতনতা তথা সামাজিক পৰিবৰ্তনৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয় । সমগ্ৰ দেশৰ পৰা অহা শিক্ষাৰ্থীসকলক ৰাজকুমাৰ জী মটালে সম্বোধন কৰে ।
তেওঁ কয় যে ডা° হেডগেৱাৰ আৰু শ্ৰীগুৰুজীৰ তপোভূমিত আৰম্ভ হোৱা এই বিশেষ বৰ্গ ঐতিহাসিক হয়। সংঘ শিক্ষা বৰ্ষৰ নতুন সংৰচনা অনুসৰি এই বিশেষ বৰ্গ প্ৰথমবাৰৰ বাবে আয়োজিত কৰা হৈছে। বৰ্গই ৰাষ্ট্ৰীয় একতা তথা সহজীৱনৰ ভাব উৎপন্ন কৰে । সংঘ প্ৰণালীত প্ৰশিক্ষণ বৰ্গ অত্যন্ত মহত্বপূৰ্ণ হয় । সেয়েহে যেনেকৈ কাম আগবাঢ়ে, বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ বৰ্গ প্ৰাৰম্ভ কৰা হয়। সংঘৰ স্থাপনা ১৯২৫ চনত হয় আৰু প্ৰশিক্ষণ বৰ্গ ১৯২৭ চনৰ পৰা আৰম্ভ হয়। সেই সময়ত ১৭ গৰাকী শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লাভ কৰে। জৰুৰীকালীন সময়ৰ প্ৰতিবন্ধ লগা সময়খিনি আৰু কোৰোণাৰ সময়ছোৱা বাদ দি সংঘৰ প্ৰশিক্ষণ বৰ্গ প্ৰত্যেক বছৰে আয়োজন কৰি অহা হৈছে। সময়ৰ লগে লগে প্ৰশিক্ষণ বৰ্গৰ কাল আৰু পাঠ্যক্ৰম যুগানুসৰী পৰিবৰ্তন কৰি অহা হৈছে। আজিৰ পৰিপ্ৰেক্ষিতত কাৰ্যকৰ্তাৰ বিচাৰধাৰা, ভুমিকা, কাৰ্যপদ্ধতিৰ স্পষ্টতা, অংগীকাৰ, তেওঁলোকৰ সন্মুখত আহিবলগীয়া প্ৰত্যাহ্বানবোৰ কেনেকৈ স্বীকাৰ কৰিব আৰু সমাজত ইতিবাচক পৰিবৰ্তন কেনেকৈ আনিব পৰা যায়, সেই দিশসমূহ সাঙুৰি লোৱা হৈছে।
প্ৰথম সৰসংঘচালক ডা° কেশৱ বলিৰাম হেডগেৱাৰৰ দ্বাৰা মোহিনে শাখাত আৰম্ভ হোৱা সংঘৰ কাম-কাজ আজি দেশ ব্যাপী চলি আছে । স্বামী বিবেকানন্দৰ কথা অনুসৰি যিকোনো পবিত্ৰ প্ৰামাণিক কাৰ্যই প্ৰথমে উপেক্ষা, পিছত উপহাস, পিছত বিৰোধ আৰু শেষত স্বীকৃতি পায়। তেনেকৈয়ে প্ৰাৰম্ভিক দিনবোৰত সংঘৰ কাৰ্যৰ উপেক্ষা তথা উপহাস কৰা হৈছিল। আজি সংঘৰ কাৰ্যৰ সৰ্বত্ৰ স্বীকৃতি পোৱা গৈছে। আনকি যিসকলে সাৰ্বজনীন ভাবে সংঘ কাৰ্যৰ বিৰোধিতা কৰে, তেওঁলোকেও ব্যক্তিগত পৰ্যায়ত সংঘ কাৰ্যৰ প্ৰশংসা কৰে ।
সমাজ জাগৰণৰ পাচ পৰিবৰ্তনৰ বিষয়ৰ ৰূপায়ণৰ বাবে ক্ষমতা বৃদ্ধি পাওক, নিখুঁত হওক যাতে ৰাষ্ট্ৰ নিৰ্মাণৰ কামে গতি লাভ কৰে ।
সংঘ কাৰ্যকৰ্তা বিকাশ বৰ্গ দ্বিতীয় (বিশেষ)ৰ পদাধিকাৰী
মাননীয় সৰ্বাধিকাৰী – মা. হৰদয়াল বৰ্মা জী
বৰ্গ কাৰ্যবাহ- মনসুখ লাল সেঠীয়া জী
বৰ্গ পালক- ৰাজকুমাৰ মটালে জী