মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত এই যাত্ৰা। প্ৰতিটো বাসগৃহৰ পৰা সংগ্ৰহ কৰা হ’ব এমুঠি মাটি।

ৰাজধানী দিল্লীলৈ নিয়া হব  অসমৰ মাটি ৷ ২৭০টা কলহেৰে অসমৰ মাটি নিব দিল্লীলৈ ৷ ২০ ছেপ্তেম্বৰ অৰ্থাৎ আজিৰে  পৰা অসমৰ প্ৰতিটো পৰিয়ালৰ সংগ্ৰহ কৰিব মাটি ৷ প্ৰতিটো পৰিয়ালৰ পৰা সংগৃহীত ভূমি উছৰ্গা কৰিব দিল্লীৰ অমৃত উদ্যােগত ৷ স্বাধীনতাৰ অমৃত কাল উপলক্ষে  মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ এই অমৃত কলহ যাত্ৰা ৷

আজিৰে  পৰা ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ত, পৌৰ সভা আৰু পৌৰ নিগমে সংগ্ৰহ কৰিব ভূমি ৷ অসমৰ প্ৰতিটো পৰিয়ালৰ পৰা ২০ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ সংগ্ৰহ হ’ব এই ভূমি ৷ ১ অক্টোবৰলৈ সংগ্ৰহ কৰা ভূমি ২ অক্টোবৰ তাৰিখে শোভাযাত্ৰাৰ জৰিয়তে গাঁওবাসীয়ে লৈ যাব গাঁও পঞ্চায়তসমূহলৈ ৷মাটি দিব নোৱৰা মহানগৰীৰ ফ্লেটৰ পৰা লোৱা হ’ব এমুঠিকৈ চাউল।

ৰাজ্যৰ ২৭০ ব্লকৰ পৰা অহা একোটাকৈ কলহ ২৭ অক্টোবৰ তাৰিখে ৰাজধানী এক্সপ্ৰেছযোগে প্ৰেৰণ কৰিব দিল্লীলৈ ৷ ২৮ অক্টোবৰত দিল্লীত কলহ লৈ উপস্থিত হোৱাৰ পিছতে ৩০ অক্টোবৰত আনুষ্ঠানিকভাৱে দেশৰ অমৃত উদ্যানত উছৰ্গা কৰিব অসমৰ মাটি ৷ এনেদৰে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰে সাজু হৈ ৰাজ্য চৰকাৰ ৷ আজিৰে পৰা ধাৰাবাহিক কাৰ্যসূচীৰে সংগ্ৰহ হ’ব অসমৰ প্ৰতিটো পৰিয়ালৰ এই ভূমি ৷