পেৰিছ অলিম্পিকত যাত্ৰা সামৰিলে লাভলীনাই…
দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত চীনৰ লী কিয়ানৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। ২০২০ৰ টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে বঞ্জৰ পদক আজুৰি অনা লাভলীনা এইবেলি কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰব লগা হ’ল। ৪-১ ব্যৱধানত পৰাস্ত হয় লাভলীনা। যাৱতীয় সকলো প্ৰস্তুতি কৰিও প্ৰৱল আত্মবিশ্বাসেৰে পেৰিছ অলিম্পিকত প্ৰৱেশ কৰা লাভলীনাৰ যাত্ৰা ইতি পৰিল।
