পেৰিছৰ পৰা ভাল খবৰঃ মনু ভাকৰ-সৰবজ্যোতে আজুৰিলে ব্ৰঞ্জ..

অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰে  ভাৰতীয় শ্বুটাৰ মনু ভাকৰে। অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেন্টত শ্বুটাৰ সৰবজ্যোতৰ সৈতে এই সফলতা অৰ্জন কৰে ভাকৰে।
দেওবাৰে ভাৰতৰ শ্বুটাৰ মনু ভাকৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। এয়া আছিল এইবাৰৰ অলিম্পিকত ভাৰতে লাভ কৰা প্ৰথমটো পদক। পুনৰ ৩ দিনৰ ভিতৰত ভাৰতলৈ দ্বিতীয়টো পদক আজুৰিলে  আনিলে ভাকৰে।
ভাকৰ-সৰবজ্যোতে কোৰিয়াৰ শ্বুটাৰ অহ য়ে জিন আৰু লি ৱুনহোক ১৬-১০ গ’লত পৰাস্ত কৰে। একেখন অলিম্পিকত দুটাকৈ পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস ৰচিলে মনু ভাকৰে |

Leave a Reply

Your email address will not be published. Required fields are marked *