১৩৩সংখ্যক ডুৰাণ্ড কাপ…

এছিয়াৰ আটাইতকৈ পুৰণি আৰু ভাৰতৰ ফুটবল ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হব। ১৬ টা ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনক ভাৰতৰ শ্ৰেষ্ঠ ফুটবল প্ৰতিভাৰ প্ৰজনন ক্ষেত্ৰ বুলিও জনা যায়। ১৯৮৮ চনতে আৰম্ভ হোৱা এই ফুটবল প্ৰতিযোগিতাখনৰ ১৩৩ সংখ্যক সংস্কৰণ আজিৰ পৰা দ্বিতীয়বাৰৰ বাবে কোকৰাকঝাৰত অনুষ্ঠিত হ’ব।ডুৰাণ্ড কাপ উপলক্ষে বড়োলেণ্ড স্বায়ত্ব শাসিত অঞ্চলত ফুটবল আন্তঃগাঁথনিৰ ব্যাপক উন্নীতকৰণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ ছাই ষ্টেডিয়ামত সোমবাৰে বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে হাইটেক স্মার্ট স্প্রিংকলাৰ আৰু ইণ্টাৰনেল ড্রেনেজ ছিছেষ্টমৰ সুবিধাযুক্ত নতুন খেলপথাৰখনৰ উদ্বোধন কৰে।

উল্লেখ্য যে মঙলবাৰে দিনৰ ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব ফুটবলৰ এই মহাৰণ। ইয়াৰ পূৰ্বে ২ বজাৰ পৰা অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত বাৰেৰহনীয়া সাংস্কৃতিক আৰু প্ৰদৰ্শনীমূলক কাৰ্যসূচী পৰিৱেশন কৰা হ’ব। মঙলবাৰৰ উদ্বোধনী মেচখন বড়োলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মাজত অনুষ্ঠিত হ’ব ৷

প্ৰাণিধানযোগ্য যে ৩০ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰত ডুৰাণ্ড কাপৰ মুঠ ৬ খন লীগ পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব আৰু ২১ আগষ্টত এখন কোৱাৰ্টাৰ ফাইনেলৰ মেচ অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *