পেৰিছ অলিম্পিকত চমক  প্ৰদৰ্শন ভাৰতীয় শ্বুটাৰ মনু ভাকেৰৰ।

চলিত অলিম্পিকত তাৰকা শ্বুটাৰগৰাকীয়ে ইতিমধ্যে দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াইছে । পেৰিছ অলিম্পিকত নিজক দক্ষতাৰে ৰচা ইতিহাসক অধিক জিলিকাই তুলিবলৈ আগবাঢ়িছে  শ্বুটাৰগৰাকী।

এতিয়া পেৰিছত আন এক পদক জয়ৰ দিশে আগবাঢ়িছে ভাকেৰ।  ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ কোৱালিফায়িং ৰাউণ্ডত ফাইনেলত প্ৰৱেশ কৰিছে মনু ভাকেৰে। কোৱালিফায়িং ৰাউণ্ডত দ্বিতীয় স্থান লাভেৰে মনু ভাকেৰে স্থান নিশ্চিত কৰিলে ফাইনেলত।

মনু ভাকেৰে যদি এতিয়া ২৫ মিটাৰ পিষ্টল ইভেণ্টতো পদক লাভ কৰে, তেন্তে ক্ৰীড়া ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হ’ব মনু ভাকেৰ।
একেদৰে অলিম্পিক ইতিহাসত তিনিটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হ’ব মনু ভাকেৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *