আজি পেৰিছ অলিম্পিকত অসম কন্যা লাভলীনা বৰগোহাঁইৰ খেল। নৰৱে’ৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে যুঁজত নামিব লাভলীনা। মহিলাৰ ৭৫ কেজি শাখাত ৰিঙত নামিব লাভলীনা। বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হ’ব লাভলীনা আৰু সুনিভাৰ মাজত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখন।

২০১৮ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বীপত প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল লাভলীনা বৰগোঁহায়ে। মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে লাভলীনাই। তাৰ পিছত ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰে লাভলীনাই।

২০২০ চনৰ মাৰ্চত জৰ্দানত অনুষ্ঠিত হোৱা এছিয়া আৰু অচেনিয়া অলিম্পিক কোৱালিফিকেচন টুৰ্ণামেণ্টত উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে লাভলীনাই। অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় লাভলীনা। এই খেলখনত লাভলীনাই চীনৰ গু হঙৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।

২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ’ অলিম্পিক ২০২০ত ইতিহাস ৰচনা কৰে লাভলীনাই। টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। ছেমি ফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত ৫-০ৰ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক দখল কৰে অসম কন্যা লাভলীনাই। ইয়াৰ লগে লগে লাভলীনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।