হিন্দু_সাম্ৰাজ্য_দিৱস

আজিৰ দিনটো এটা বিশেষ দিন। আজিৰ দিনটোৰে সেই বিশিষ্ট ঘটনাক সোৱৰাই দিয়ে, যিয়ে ভাৰতৰ বুৰঞ্জী ধাৰাক পৰিবৰ্তিত কৰি দিছিল। সেই ঘটনাটো হ’ল ছত্রপতি শিৱাজী মহাৰাজৰ দ্বাৰা সাৰ্বভৌম স্বতন্ত্র হিন্দু ৰাজ্য স্থাপনাৰ ঘটনা। ইতিহাস পঢ়িলে দেখা যায় যে বহুতো ৰজাই নিজৰ স্বাধীন ৰাজ্য স্থাপন কৰিছে; কিন্তু শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেক ঘটনা অন্যান্য সাধাৰণ ৰাজ্য স্থাপনৰ ঘটনাৰ দৰে নহয়। যি সময়ত শিৱাজী মহাৰাজৰ আবিৰ্ভাৱ হৈছিল, সেই সময়ত সমগ্ৰ ভাৰতত মুছলমান শাসকসকলে নিজৰ সাম্রাজ্য শিপা দৃঢ় কৰি মুছলিম শাসন স্থাপন কৰিছিল। উত্তৰত মোগলৰ শক্তি, দাক্ষিণাত্যত বীজাপুৰৰ নিজাম, আদিল সাহী আদি শক্তিবোৰ অজগৰ সাপৰ দৰে দেশৰ মাটি আৰু জনতাক নিজৰ মেৰপাকত আৱদ্ধ কৰি তাৰ ৰক্ত শোষণ কৰি আছিল। ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰীয় সমাজ হিন্দু সমাজে আত্মবিস্মৃত, চেতনাহীন, নিৰুৎসাহী আৰু পৰাধীনতাকে সুখ  বুলি মানি চলা মনোবৃত্তিৰ হৈ পৰিছিল। পৰাধীনতা আৰু পৰৰ পদলেহন কৰাটোকে হিন্দু সমাজে গৌৰৱৰ কথা বুলি ভাবিছিল। সাধাৰণ মানুহৰপৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ বীৰ, চৰ্দাৰ, সেনাপতিসকলেও মোগলৰ চাকৰি কৰাটোক নিজকে ধন্য মানিছিল। তেওঁলোকৰ মনত এই পৰিস্থিতি পৰিৱৰ্তন কৰিব পৰা যায় এনে ভাবনা নাছিল। অনেক বছৰ ধৰি দেশত মুছলমানৰ শাসন চলি থকাৰ বাবে মানুহৰ মনত ধাৰণা হ’ল যে দেশৰ শাসন কৰা নাইবা ৰজা হোৱা হিন্দু সমাজৰ কাম নহয়। ৰাজ্য পৰিচালনা কৰাৰ কাম মুছলমান সমাজৰ। শিৱাজী মহাৰাজৰ পিতৃ শাহজী, যিজন অতি পৰাক্ৰমী আছিল আৰু কেইবাখনো ৰাজ্য ভঙা-পতাৰ শক্তিও আছিল, কিমানজনক ৰাজপাটত বহুৱাইছিল আৰু কিমানজনক ৰাজ্যচ্যুত কৰিছিল; তেওঁ নিজেই কিন্তু কোনো দিনেই স্বাধীন হিন্দু ৰাজ্য স্থাপন কৰাৰ কথা চিন্তা কৰা নাছিল। কোনোবা হিন্দুৱে স্বাধীন ৰাজ্য স্থাপন কৰিব পাৰে বা হিন্দুৱে দেশ শাসন কৰিব পাৰে এই কথাও তেওঁ বিশ্বাসেই কৰা নাছিল। কিছুমানে দিল্লীৰ বাদশাহক সাক্ষাৎ ঈশ্বৰৰ প্ৰতিনিধি হিচাপে ভাবি ‘দিল্লীশ্বৰো বা জগদীশ্বৰো ‘ বুলি ক’বলৈকো সংকোচ বোধ কৰা নাছিল। পৰাধীনতা আৰু পৰৰ গোলামীত আনন্দ অনুভৱ কৰা এক প্ৰকাৰে স্বভাৱত পৰিণত হৈছিল।

তেনে এক অন্ধকাৰ যুগত শিৱাজীৰ আবিৰ্ভাৱ হ’ল। স্বপৰাক্ৰম, বুদ্ধিমত্তা, সাহস আৰু ৰণ কৌশলেৰে একে সময়তে মোগল, বাত্মনী, নিজাম, আদিলসাহী আৰু ইংৰাজ শক্তিৰ লগত যুঁজি শেষত বিজয় লাভ কৰা এই মহাপুৰুষে পৰাভূত হিন্দু সমাজৰ অন্তৰত আত্মবিশ্বাস, সাহস আৰু পৰাক্ৰম জগালে। শত্ৰুৰ হাতৰপৰা অনেক দূর্গম দুৰ্গ জয় কৰি অমিত বিজয়ী হ’ব পাৰি এই বিশ্বাস হিন্দুৰ মনত নিৰ্মাণ কৰিলে আৰু ইয়াৰ বাবে কোনো ৰজা, চৰ্দাৰ, চুবেদাৰৰ সাহায্য নলৈ সহজ, সৰল কিন্তু বিশ্বাসী গ্রাম্য বনবাসী জনসাধাৰণক লগত লৈ এই আশ্চর্য কার্য সম্পাদন কৰিলে। তেওঁৰ প্ৰতিটো পদক্ষেপ অন্তিম বিজয়ৰ লক্ষ্যত দৃষ্টি নিক্ষেপ
কৰি লৈছিল। তাৰ বাবে সাময়িকভাৱে বিজিত দুর্গবোৰ শত্রুক গতাই দি তেওঁ শেষত বিজয় লাভ কৰিছিল। ইয়াৰ উদাহৰণ স্বৰূপে আফজল খাঁ, চায়েস্তা খানৰ ওপৰত আক্ৰমণ বা আগ্রা যাত্ৰাৰ কথা বিশেষভাৱে উল্লেখ কৰা যায়। ৰাজনীতিৰ ক্ষেত্ৰত অতি চতুৰালিৰ পৰিচয় দি তেওঁ ‘কণ্টকেনৈৱ কণ্টকম’ৰ নীতি অৱলম্বন কৰি মুছলমানৰ বিপক্ষে মুছলমানক থিয় কৰাই নিজৰ লক্ষ্য প্ৰাপ্ত কৰিছিল।

অকল যুদ্ধ জয় কৰা, দুর্গ দখল কৰা, পৰাক্ৰম বা সাহসৰ পৰিচয় দি শত্রুশক্তিক জব্দ কৰাই তেওঁৰ উদ্দেশ্য নাছিল। বৰঞ্চ হিন্দু সমাজৰ সন্মুখত শ্রদ্ধা কেন্দ্র স্থাপন কৰি সমগ্র হিন্দু সমাজৰ কাৰণে নিজৰ শক্তি, বুদ্ধি আদি গুণৰাশিক সেই কেন্দ্ৰৰ ওচৰত উছৰ্গা কৰিবলৈ আৰু হিন্দুৰ মনত স্বাধীন চেতনা স্থাপন কৰি হিন্দু সাম্রাজ্য পুনৰ স্থাপনা কৰাৰ তীব্র ইচ্ছা লৈ তেওঁ আগবাঢ়িছিল। নিজৰ কৰ্তব্যৰ দ্বাৰা বিজয়ৰ অক্ষুণ্ণ পৰম্পৰা নিৰ্মাণ কৰি “হিন্দৱে স্বৰাজ” স্থাপন কৰাৰ স্বপ্ন বাস্তবত ৰূপদান কৰিলে। এইকাৰণে ৰাষ্ট্ৰীয় চৰিত্ৰ তথা হিন্দু সমাজৰ স্বাভিমান আৰু আত্মবিশ্বাস নিৰ্মাণ কৰা এই ঐতিহাসিক মহাপুৰুষৰ বিজয়শালী আদর্শ আমাৰ আগত বখা আৱশ্যক।

শিৱাজী মহাৰাজে অনুভৱ কৰিছিল যে দেশৰ সকলো ব্যক্তিৰ শ্ৰদ্ধাৰ কেন্দ্ৰ দিল্লী হৈ পৰিছে। দেশৰ কোনো ঠাইত হিন্দুৰ সিংহাসন নাই। ডাঙৰ ডাঙৰ বীৰসকলেও দিল্লীশ্বৰৰ জয়গান কৰিব ধৰিছিল। দিল্লীত জনতাৰ শ্ৰদ্ধাৰ কেন্দ্ৰবিন্দু। দিল্লীৰ ঠাইত হিন্দুসত্তা স্থাপন কৰি স্বতন্ত্র সিংহাসন স্থাপন কৰা আৱশ্যক। এই আৱশ্যকতা পূৰ্তিৰ বাবে তেওঁ সিংহাসনাধিষ্ঠিত ৰজা হোৱাৰ কল্পনাক মূৰ্ত ৰূপ দিয়াৰ বাবে অভিষেক উৎসৱ পালন কৰিলে। ৰাজ্যাভিষেক উৎসৱ কৰি বিশ্ববাসীক সকীয়াই দিলে যে হিন্দু সকলো দৃষ্টিৰে শ্ৰেষ্ঠ স্বতন্ত্ৰ আৰু শাসক হোৱাৰ যোগ্য। তেওঁৰ ৰাজ্যাভিষেক উৎসৱত দেশৰ বিভিন্ন বিদ্বান পণ্ডিতসকলক নিমন্ত্রণ কবি সম্মান জনালে।
দেশৰ বর্তমান নিবাশা, পৰাভূত মনোবৃত্তি আৰু চাৰিওপিনে নির্মাণ হোৱা সমস্যাৰপৰা দেশক উদ্ধাৰ কৰাৰ বাবে অদ্ভুত সাহসী, নীতিজ্ঞ শিৱাজী মহাৰাজৰ পুণ্য স্মৰণ কৰা আৱশ্যক। শিবাজী মহাৰাজৰ প্ৰেৰণাদায় আদর্শ জীৱনৰপৰা প্ৰেৰণা লৈ এই দেশৰ ভৱিষ্যত বৈভৱশালী কৰাৰ সংকল্প গ্রহণ কৰোহক। ছত্রপতি শিৱাজী মহাৰাজৰ প্ৰতি আমি সকলোৱে আজিৰ দিনত শ্রদ্ধাঞ্জলি অর্পণ কৰা আৱশ্যক।

ভাৰতীয় সংস্কৃতি বিজয়ৰ উপাসক-পৰাজয়ৰ নহয়। আমাৰ ইয়াত কোনো ধর্ম সংস্থাপকক ফাঁচী দিয়াৰ কোনো উদাহৰণ নাই। আমাৰ ইয়াত ধৰ্ম সংস্থাপক ডাঙৰ ডাঙৰ বিজেতা আছিল। শ্ৰীৰামচন্দ্ৰ, শ্রীকৃষ্ণই জীৱনত কেতিয়াও পৰাজয় দেখা নাই। মধ্যযুগৰ সৰ্বশ্রেষ্ঠ মূর্তিমন্ত প্রতীক সর্বগুণসম্পন্ন আদর্শ পুৰুষ শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেকৰ পুণ্য দিনত হিন্দু সমাজক সংগঠিত কৰি বৈভৱশালী হিন্দুৰাষ্ট্ৰ নিৰ্মাণ কৰিব পৰা আত্মবিশ্বাস আৰু আত্মত্যাগৰ শ্রেষ্ঠ আদৰ্শৰ প্ৰেৰণা আমি প্ৰাপ্ত কৰোঁহক।

১৬৭৪ চনৰ  আজিৰ এই দিনাই শিৱাজী মহাৰাজে বিদেশীৰ শাসন ওফৰাই ভাৰতবৰ্ষত “হিন্দৱী স্বৰাজ”ৰ ভেটি স্থাপন কৰি সিংহাসনত আৰোহণ কৰিছিল।

মহান বীৰযোদ্ধা, হিন্দু হৃদয় সম্ৰাট শত্ৰপতি শিৱাজী মহাৰাজৰ অদম্য সাহস আৰু অতুলনীয় দেশপ্ৰেম প্ৰতিগৰাকী হিন্দুৰ বাবে প্ৰেৰণাৰ প্ৰতীক। তেখেতৰ অসীম বীৰত্ব আৰু অপ্ৰতিৰোধ্য যুদ্ধ কৌশল দেশৰ ইতিহাসত সদায়েই সোণালী আখৰেৰে জিলিকি থাকিব।
মধ্যযুগৰ সৰ্বশ্ৰেষ্ঠ মূৰ্তিমন্ত প্ৰতীক সৰ্বগুণসম্পন্ন আদৰ্শ পুৰুষ শিৱাজী মহাৰাজৰ ৰজ্যাভিষেকৰ পুণ্য দিনত হিন্দু সমাজক সংগঠিত কৰি বৈভৱশালী হিন্দুৰাষ্ট্ৰ নিৰ্মাণ কৰিব পৰা আত্মবিশ্বাস আৰু আত্মত্যাগৰ শ্ৰেষ্ঠ আদৰ্শৰ প্ৰেৰণা আমি প্ৰাপ্ত কৰোঁহক।
সকলোকে হিন্দু সাম্ৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *