বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনে ছন্দপতন ঘটালে শ্বেখ হাছিনা চৰকাৰক। পৰিস্থিতি গৈ এনে পৰ্যায় পালে যে, প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাসৰ পৰা হেলিকপ্টাৰ লৈ পলায়ন কৰে। ৰাজধানী ঢাকাত প্ৰধানমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰাৰ কথা আছিল যদিও প্ৰতিবাদকাৰীৰ ৰুদ্ৰ ৰূপ দেখি ততাতৈয়াকৈ পলায়ন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বাংলাদেশৰ পৰা পলায়ন কৰাৰ পাছত শ্বেখ হাছিনাই কত আশ্ৰয় লব, তাক লৈ এতিয়া চৰ্চা হৈছে। ৰাষ্ট্ৰীয় বহুকেইটা সংবাদমাধ্যমত প্ৰকাশ পাইছে যে, শ্বেখ হাছিনাই আশ্ৰয় লব ভাৰতত। ইতিমধ্যে ভাৰতৰ পৰা সহায় ভিক্ষা কৰিছে বাংলাদেশৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইফালে বাংলাদেশত প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰা পাছতে সামৰিক শাসনৰ অধীনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিছে সেনা প্ৰধানে।
দেশখনত অস্থিৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ সেনা প্ৰধান ৱাকাৰ উজ জামানে সোমবাৰে শ্বেখ হাছিনাক ৪৫মিনিটৰ সময় বান্ধি দিছিল। এই ৪৫মিনিটৰ ভিতৰতে পদত্যাগ কৰি বাংলাদেশ প্ৰধানমন্ত্ৰীৰ আৱাস ঢাকা পেলেচৰ পৰা হেলিকপ্টাৰ লৈ দেশ এৰে।
উল্লেখ্য যে বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনত এতিয়ালৈকতে ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আন্দোলনৰ পৰিস্থিতিত সমগ্ৰ বাংলাদেশ এতিয়া এক জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হৈছে। ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰ যিমানেই আহিছে ঢাকাৰ পৰিৱেশ সিমানেই অধিক উত্তপ্ত হৈ পৰিছে। ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে বাংলাদেশৰ দুৰ্যোগ ব্যৱস্থাপনা ভৱন বিটিভি ভৱনত আক্ৰমণ কৰি জুই লগাই দিছে। তেওঁলোকে ফ্লাইঅভাৰ, বাছ আৰু আৰক্ষীৰ বাহনতো অগ্নি সংযোগ কৰিছে।
বিগত দেওবাৰে গণভৱনত এক
সংবাদ মেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই সংৰক্ষণ সন্দৰ্ভত কৰা এক মন্তব্যক কেন্দ্ৰ কৰি ১৫জুলাইৰ নিশাৰ পৰাই ঢাকাৰ ৰাজপথত শিক্ষাৰ্থীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। ইয়াৰ পিছত সোমবাৰে ঢাকাৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানৰ ওপৰত আন্দোলনকাৰী শিক্ষাৰ্থীৰ ওপৰত ছাত্ৰ লীগৰ কৰ্মীয়ে আক্ৰমণ কৰে।
