পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা

পেৰিছ অলিম্পিকত বিজয়ৰে যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। ৩১ জুলাই, বুধবাৰে লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াছিল। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি আছিল নৰৱেৰ ছুনিভা হফষ্টাড।

ৰাউণ্ড অফ-১৬ ৰ এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত বিজয় সাব্যস্ত কৰি পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁৰ পৰৱৰ্তী মেচ আছে ৪ আগষ্টত।
মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি ছুনিভা হফষ্টাডে আৰম্ভণিৰ পৰা আক্ৰমণাত্মক খেল খেলিছিল যদিও লাভলীনাই অতি কৌশলপূৰ্ণভাৱে প্ৰতি মুহূৰ্ততে কেৱল সঠিক সুযোগলৈ অপেক্ষা কৰিছিল আৰু প্ৰতিটো সুযোগতে সঠিক পাঞ্চ কৰিবলৈ সক্ষম হৈছিল।

লাভলীনাই এতিয়া পৰৱৰ্তী ৪ আগষ্টৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচত বিজয় সাব্যস্ত কৰিব পাৰিলেই প্ৰৱেশ কৰিব ছেমি ফাইনেলত। আৰু মাত্ৰ এখন মেচত বিজয় সাব্যস্ত কৰিব পাৰিলেই লাভলীনাৰ এটা পদক নিশ্চিত।

উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়েৰে ইতিমধ্যে ইতিহাস ৰচনা কৰা লাভলীনাক লৈ এইবাৰ সমগ্ৰ দেশবাসী আশাবাদী।

মন কৰিবলগীয়া যে টকিঅ’ অলিম্পিকত লাভলীনাৰ ৱেইট কেটেগৰী আছিল ৬৯ কেজি। কিন্তু পেৰিছ অলিম্পিকত এই ৱেইট কেটেগৰী বাতিল কৰাত লাভলীনাই ওজন বৃদ্ধি কৰি ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *